ডিব্ৰুগড়ত দিল্লী বিশ্ববিদ্যালয়ৰ নামভর্তি সহায় কেন্দ্র
চাইন অন ডেস্ক:
ডিব্রুগড় বিশ্ববিদ্যালয় আছু গোট আৰু দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত অহা ১৫ জুলাইৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহত নামভৰ্ত্তিৰ সহায়ক কেন্দ্ৰ স্থাপন কৰা হ’ব।
ডিব্ৰুগড় তথা উজনি অসমৰ যি সকল ছাত্র-ছাত্রীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে সম্মুখীন হোৱা বিভিন্ন সমস্যা সমূহ সমাধান কৰি সহযোগিতা আগবঢ়াৰ মানসেৰে এই সহায়ক কেন্দ্ৰয়ে কাম কৰিব। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি পাপলু গগৈ আৰু সাধাৰণ সম্পাদক প্ৰান্তৰ বৰদলৈয়ে চাৰিটা হেল্প লাইন নম্বৰ ক্ৰমে ৭২১৭৬২৬৫৫৭,৬০০১৯৭৫১৫০,৯৯৫৪৩৮২০১১,৭০০২৬৭০৪১১ মুকলি কৰে আৰু নামভর্তি সন্দর্ভত যিকোনে বিষয়ে জানিব বিচাৰিলে এই নম্বৰত যোগাযোগ কৰিবলৈ ছাত্র-ছাত্রী সকলক অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে বিগত ৭ আৰু ৮ জুলাই তাৰিখে অনুষ্ঠিত যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রৱেশিকা পৰীক্ষাতো ডিব্রুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত অসমৰ প্রায় প্রতিটো পৰীক্ষা কেন্দ্রত ছাত্র-ছাত্রী সকলৰ সুবিধা হোৱাকৈ সহায় কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ ওপৰিও সঞ্জীৱনী নামৰ এক কাৰ্যসূচীৰ জড়িতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তর্গত প্রতিটো বিভাগ কেন্দ্ৰৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্র-ছাত্রীসকলৰ বাবে ২৫ টা বিভিন্ন বিষয়ত সমল ব্যক্তি সকলৰ দ্বাৰা আছু গোটে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছিল।