দিল্লী বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ মোজাম্মিলৰ বিস্ফোৰক তথ্য
দীপাৱলী আৰু ২৬ জানুৱাৰী ৰক্তাক্ত কৰাৰ পৰিকল্পনা আছিল মুছলিম চিকিৎসক গেঙৰ
‘কাৰবোম’ হিচাপে ব্যৱহাৰ কৰিবলৈ মাষ্টাৰমাইণ্ড ডাঃ ওমৰ নবীয়ে সাজু কৰিছিল আন এখন ৰঙা ৰঙৰ ফ’ৰ্ড ইক’ স্প’র্ট
বুধবাৰে আৰডিএক্স-বন্দুকসহ দিল্লীত দুই সন্ত্রাসবাদীক গ্ৰেপ্তাৰ
নতুন দিল্লী:
সমগ্র দেশ জোকাৰি যোৱা দিল্লী বিস্ফোৰণ কাণ্ডৰ অন্যতম মূল অভিযুক্ত ডাঃ মোজাম্মিল গনিক জেৰাকালত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ শীর্ষ সূত্রই ডাঃ গনিয়ে দিয়া স্বীকাৰোক্তিৰ আঁত ধৰি সদৰী কৰা অনুসৰি বিগত দীপাৱলী আৰু গণৰাজ্য দিৱসত দিল্লী ৰক্তাক্ত কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল ‘হোৱাইট কলাৰ টেব’ৰ ইক’ছিষ্টেম’-এ। এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ ধৃত ডাঃ গনি আৰু ডাঃ ওমৰ নবীয়ে আনকি লালকিল্লা চৌহদত পর্যবেক্ষণ (ৰেকি) কৰিছিল। বিশেষকৈ গণৰাজ্য দিৱসত ঐতিহাসিক লালকিল্লা আছিল সন্ত্রাসবাদীৰ মূল লক্ষ্য। পিছে গণৰাজ্য দিৱসত নিৰাপত্তা বাহিনীৰ কটকটীয়া ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই পৰিকল্পনা ব্যর্থ হয়। অকল দীপাবলী-গণৰাজ্য দিৱসেই নহয়, দিল্লীৰ উপৰি দেশৰ বহু ষ্টাৰকো সন্ত্রাসবাদীয়ে টার্গেট কৰি লৈছিল। দিল্লী আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰা অনুসৰি মূলতঃ ফৰিদাবাদৰ আল-ফলা বিশ্ববিদ্যালয়ৰ কেইবাজনো চিকিৎসক আছিল এই সন্ত্রাসবাদী


