...

দলগাঁৱত আজমলৰ বৃহৎ জনসভা

Spread the love

দলগাঁৱত আজমলৰ বৃহৎ জনসভা

নিৰ্দলীয়ৰ বাইক ৰেলীৰ চমক

দলগাঁও:

নির্দলীয় প্রার্থী আইনুল হকৰ সৈতে তুমুল প্রতিদ্ধন্দিতা হৈ থকা এ আই ইউ এফৰ প্রার্থী মজিবৰ ৰহমানক ৰক্ষাৰ বাবে দৰঙৰ দলগাওঁ সমষ্টিলৈ আহে
দলটোৰ শীর্ষ নেতা বদৰুদ্দিন আজমল । এই উপলক্ষে বেছিমাৰীত অনুষ্ঠিত হয় বিশাল সমাৱেশ । উল্লেখ্য যে সমষ্টি খন কংগ্রেছে ৰাইজৰ
দলক এৰি দিয়াত মজিবৰৰ জয়ৰ বাট নিষ্কণ্টক
বুলি বিদ্যৎ মহলে ঠাৱৰ কৰিছিল যদিও দিন বাগৰাৰ লগে লগে কংগ্ৰেছৰ টিকট বঞ্চিত আইনুল হকে নির্দলীয় ৰূপত মূৰ দাঙি উঠে । কংগ্রেছী সকলৰ মাজত আবেগ সৃষ্টি কৰিয়ে ক্ষান্ত নাথাকি আইনুলে অগ্নিবক্তা

হিচাপে ৰেকিব উদ্দিনক কাষত লৈ এ আই ইউ ডি এফত গড়াখহনীয়া সৃষ্টিৰ বাবে দিনে নিশাই উঠি পৰি লাগে । ফলত তিনিদিন পূর্বে খাৰুপেটীয়াত দেশৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম নেতা হাইদৰাবাদৰ
সাংসদ আছাদ উদ্দিন ওয়েছিৰ বিশাল জন সমাৱেশ অনুষ্ঠিত কৰাৰ পিছত আজি বেছিমাৰীত আজমলৰ উপস্থিতিত বিশাল জন সভা অনুষ্ঠিত কৰি দেখুৱায় যে তেওঁৰ শক্তিশালী ভেটিৰ কোনো হানি বিঘিনি হোৱা নাই ।এই সমাগমে
প্রমান কৰিলে যে মজিবৰৰ পুনৰ বিজয় নিশ্চিত । এই বুলি আজমলে জনসভাত হর্ষোল্লাসেৰে মুজিবৰৰ বিজয় ধ্বনি দিয়ে । ইপিনে সমষ্টি খনৰ নির্বাচনী প্রতিচ্ছবিত ধুৱলি কুঁৱলি সৃষ্টি কৰি আইনুল হকে উলিয়াই দেখুৱায় বৃহৎ বাইক ৰেলীৰ চমক ।

Leave a Reply

Your email address will not be published. Required fields are marked *