চিৰাজ-প্রসিদ্ধৰ ৪টাকৈ উইকেট দখল: ইংলেণ্ডৰ ২৪৭
২২৪ ৰানত প্ৰথম ইনিংছ সামৰিলে টীম ইণ্ডিয়াই
দ্য অ’ভেল:
বিজয় অপৰিহাৰ্য অ’ভেল টেষ্টত মাত্র ২২৪ ৰানতে প্রথম ইনিংছ সামৰিলে টীম ইণ্ডিয়াই। শৃংখলা ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় দলটোৰ বেটাৰসকলে ইংৰাজবাহিনীৰ বলাৰৰ সন্মুখত ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। একমাত্ৰ কৰুণ নায়াৰে অর্ধশতকীয় ইংনিছ খেলিবলৈ সক্ষম হয়। কৰুণে ৫৭ ৰানৰ অৰিহণা আগবঢ়ায়। প্রথমদিনা ৬ উইকেটত কৰা ২০৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে মাত্র দলীয় স্ক’ৰত ২০ ৰান সংগ্ৰহ কৰি বাকী চাৰিটা উইকেট হেৰুৱায়। আগদিনা ৫২ ৰানত বেটিং কৰি থকা কৰুণ নায়াৰে দ্বিতীয় দিনা মাত্র ৫ ৰানহে কৰিবলৈ সক্ষম হয়। ইফালে আগদিনা ১৯ ৰানত বেটিং কৰি থকা বাম্বিংটন সুন্দৰেও ৭ ৰান কৰি পেভিলিয়নমুখী হয়।
ৱাশ্বিংটন সুন্দৰ আউট হোৱাৰ পিছতে মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই কোনো বান নকৰাকৈ বিদায় লয়। আকাশদীপে কোনো বান নকৰাকৈ নটআউট হৈ থাকে। ভাৰতীয় দলটোৱে ৫.৪ অভাৰত বাকী কেইটা উইকেট হেৰুৱায়। ইংলেণ্ডৰ হৈ গাছ এটকিনছনে দুর্দান্ত বলিং প্রদর্শন দাঙি ধৰি ৫টাকৈ উইকেট দখল কৰাৰ লগতে জ’ছ টঙে ৩টা আৰু ক্রিছ ৰ’কছে এটা উইকেট লাভ কৰে।
ইফালে, টীম ইণ্ডিয়াৰ প্ৰথম ইনিংছৰ ২২৪ ৰানৰ প্রত্যুত্তৰত ইংলেন্ডে ৫১.২ অভাৰত ২৪৭ ৰান কৰি প্ৰথম ইনিংছ সামৰে। ঘৰুৱা দলটোৱে প্রথম ইনিংছত ২৩ ৰানৰ অগ্রগতি লাভ কৰে।
প্ৰথম উইকেটৰ যুটিত দুয়োৰে মাজত ৯২ ৰান সংগ্ৰহ হোৱাৰ সময়তে ডাকেটে ৪৩ ৰানত বিদায় লয়। ইফালে, জেক ক্ৰলিয়ে ৬৪ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱাৰ লগতে হেৰী ব্রুকেও ৫৩ বানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে। অধিনায়ক আলি প’পে ২২, জ’ কটে ২৯ ৰান কৰি বিদায় লয়। ইফালে, জেকব বেথেল, জেমি স্মিথ, জেমি অভাৰটন আৰু গাছ এটকিনছনে কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হোৱাত চাপত পৰে ইংৰাজবাহিনী।
আঘাতৰ বাবে তাৰকা পেচ বলাৰ ক্ৰিছ ব’কছে টেষ্টখনৰ পৰা বাহিৰ হয়। ভাৰতীয় দলটোৰ হৈ প্রসিদ্ধ কৃষ্ণ আৰু মহম্মদ চিৰাজ উভয়ে ওটাকৈ উইকেট লাভ কৰাৰ লগতে আকাশদীপে আনটো উইকেট লাভ কৰে।