চৰকাৰে প্ৰকাশ কৰা ভূপেন হাজৰিকা সম্পর্কীয় গ্রন্থক লৈ বিতৰ্ক!
-মুখ্যমন্ত্রীলৈ জৰুৰী পত্র প্রেৰণ শৰৎ চন্দ্র নেওগৰ
*চাইন অন ডেস্ক:*

গ্রন্থখন হৈছে ‘ভাৰতৰত্ন ভূপেন হাজৰিকা: গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ’। গ্রন্থখন ৰচনা কৰিছে সাহিত্যিক অনুৰাধা শর্মা পূজাৰীয়ে আৰু প্রকাশ কৰিছে অসম প্রকাশন পৰিষদে। প্রায় আঢ়ৈশ পৃষ্ঠাৰ গ্রন্থখন বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰিছে। গ্রন্থখন ভাৰতৰ আটাইকেইটা সংবিধান স্বীকৃত ভাষালৈ অনুবাদ কৰি প্রকাশ আৰু প্ৰচাৰ কৰিছে। গ্রন্থখনৰ আৰম্ভণিতে লেখা এটা লেখাত মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে যে, গ্রন্থখনত যাতে কোনো তথ্য বিভ্রাত নাথাকে, সেই ক্ষেত্রত বিশেষ মনোযোগ দিবলৈ অসম প্রকাশন পৰিষদক আহবান জনাইছে আৰু শেষত সকলো আসোঁৱাহ দূৰ কৰিছে বুলি মুখ্যমন্ত্রী গৰাকী পতিয়ন গৈছে। কিন্তু দেখা গৈছে গ্রন্থখনত একাধিক বিভ্রান্তিকৰ আৰু আসোঁৱাহপূর্ণ তথ্য প্রকাশ পাইছে। এই গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতি যোগে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎচন্দ্ৰ নেওগে। বিবৃতিটোত নেওগে প্রথমেই উল্লেখ কৰিছে যে, গ্রন্থখনৰ ২৪০ পৃষ্ঠাত উল্লেখ আছে- “১৯৪৮ চনত অসমত গণনাট্য সংঘৰ প্রতিষ্ঠা।” এই তথ্যটোৱেই ভুল। অসমত গণনাট্য সংঘ প্রতিষ্ঠা হৈছিল অর্থাৎ প্রথম গুৱাহাটী শাখাই জন্মলাভ কৰিছিল ১৯৪৪ চনত। তাৰ পিছত ডিব্ৰুগড় ওচৰৰ বৰপথাৰত সংঘৰ শাখা গঠন কৰে ১৯৪৬ চনৰ ৩০ চেপ্তেম্বৰত আৰু ডিব্ৰুগড়ত গঠন হয় ১৯৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত। এনেদৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত শাখাসমূহ গঠন হোৱাৰ পাছত ১৯৪৭ চনত শিলচৰত প্ৰথম ৰাজ্যিক অধিবেশন অনুষ্ঠিত হয়, য’ত গণশিল্পী জ্যোতিপ্রসাদ আগৰৱালা সভাপতি হিচাবে নির্বাচিত হয়। এই সকলোবোৰ নস্যাৎ কৰি কি তথ্যৰ ভিত্তিত ১৯৪৮ চনতহে গণনাট্য সংঘ অসমত প্রতিষ্ঠা বুলি গ্রন্থখনত উল্লেখ কৰিলে সেইটোহে নুবুজিলো বুলিও- গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য প্রকাশ কৰিছে। বিবৃতিটোত আন এটা তথ্য বিভ্রাতৰ কথা উল্লেখ কৰি প্রকাশ কৰিছে যে, ভূপেন হাজৰিকা অসম বিধানসভালৈ নির্বাচিত হৈছিল ১৯৬৭ চনত, সেইটো সকলোৱে জানে। কিন্তু গ্রন্থখনৰ ৮৭ পৃষ্ঠাত এখন ফটো প্রকাশ পাইছে, য’ত লিখা আছে- ১৯৭২ চনত চতুর্থ অসম বিধানসভাৰ নিৰ্বাচনত নাওবৈচা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নির্বাচিত হৈছিল।

গ্ৰন্থখনৰ ২৩৮ পৃষ্ঠাত ‘ড° ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীবন-পঞ্জী’ প্রকাশ পাইছে। এই জীবন-পঞ্জীত জ্যোতিপ্রসাদৰ জীৱন-পঞ্জীত থাকিবলগীয়া এটা বাক্য অপ্রাসংগিকভাবে প্রকাশ পাইছে। বাক্যটো হ’ল-‘১৯৫১ চনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ মৃত্যুত শোকস্তব্ধ। জ্যোতিপ্রসাদৰ মৃত্যুত ভূপেন হাজৰিকাই কিবা উদ্যোগ যদি ল’লেহেতেন বা কিবা ভূমিকা গ্রহণ কৰিলেহেতেন, তেতিয়া হয়তো বাক্যটোৰ প্ৰাসংগিকতা থাকিলহেতেন।
বিবৃতিটোত নেওগে লগতে উল্লেখ কৰিছে যে, ভূপেন হাজৰিকাৰ লগত গ্রন্থাকাৰে পাৰ কৰা কিছুমান কথাৰ বৰ্ণনা কৰি গ্ৰন্থখনৰ কেইবা পৃষ্ঠা দখল কৰিছে, কিন্তু তাৰ বিপৰীতে এটা গুৰুত্বপূর্ণ বুলি ভবা এখিনি কথা বাদ দিয়া হ’ল। সেয়া হ’ল- বিধানসভাত বিধায়ক হিচাপে ভূপেন হাজৰিকাই লোৱা ঐতিহাসিক ভূমিকাৰ কথা।
বিবৃতিটোত নেওগে এই কথাও উল্লেখ কৰিছে যে, বিভিন্ন পর্যায়ৰ পুনৰীক্ষণৰ মাধ্যমেৰে সকলো আসোঁৱাহ দূৰ কৰা হ’ল বুলি পতিয়ন যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লেখাটোতেই আসোঁৱাহ থাকিল। ১৯৬০ চনৰ ভাষা আন্দোলনত সাম্প্রদায়িক সংঘর্ষ হৈছিল। গ্রন্থখনত প্রকাশ পোৱা মুখ্যমন্ত্রীৰ এটা লেখাত এনেধৰণে প্রকাশ পাইছে যে, ১৯৬০ চনৰ ভাষা আন্দোলন এটা, সাম্প্রদায়িক সংঘর্ষ আন এটা। যেন দুটা সুকীয়া সুকীয়া ঘটনা।

শেষত নেওগে বিবৃতিটোৰ যোগে জানিবলৈ দিয়ে যে গ্রন্থখন প্রকাশ আৰু প্ৰচাৰ বন্ধ কৰিবলৈ আৰু ইতিমধ্যে প্রকাশিত আৰু বিতৰণ কৰা গ্ৰন্থসমূহ বাজেয়াপ্ত কৰিবলৈ তেখেতে মুখ্যমন্ত্রীলৈ আজি জৰুৰী পত্র প্রেৰণ কৰে।