চামগুৰিৰ সোনাৰীবালিত অঘটন!
৫০ টা চোৰাং গৰু সহ কণ্টেইনাৰ জব্দ
চামগুৰি:
নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৫০ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। থানা খনৰ অন্তৰ্গত সোনাৰীবালি ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে চোৰাং গৰু সহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২০ জানুৱাৰীৰ দিনাও চামগুৰি আৰক্ষীয়ে অভিযান চলাই সোনাৰীবালিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৫২ টাকৈ চোৰাং গৰু সহ এখন বাহন জব্দ কৰিছিল। প্ৰাপ্ত খবৰ মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে আজি পুৱতি নিশা প্ৰায় ৪-৩০ মান বজাত এক গোপন খবৰৰ ভিত্তিত সোনাৰীবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় ।চামগুৰি থানাৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত উজনিৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আৰ জে ০৬ জি বি ৭৩৭২ নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনে চোৰাং গৰু কঢ়িয়াই আনি থকাৰ অৱস্থাতে আৰক্ষীৰ দলটোৱে জব্দ কৰে। আৰক্ষীৰ দলটোৱে জব্দ কৰা গাড়ী খনৰ পৰা পৰৱৰ্তী সময়ত ৫০ টা চোৰাং গৰু জব্দ কৰে। গাড়ীখনৰ চালক আৰু পৰিচালক পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে থানা খনৰ অন্তৰ্গত ভগামুৰ অঞ্চলৰ আছিকুল ইছলাম আৰু বাজিয়াগাঁৱৰ ৰবিকুল ইছলাম নামৰ যুৱক দুজনক চোৰাং গৰু সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে। আৰক্ষীয়ে গাড়ী খনৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰু কেইটা পৰৱৰ্তী সময়ত নগাঁও গো শালালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷