দক্ষিণ বজালী অঞ্চলত ৩ কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে তিনি পথ নিৰ্মাণ
মুকলি কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
পাটাছাৰকুছি:
পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত ৩ কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত তিনিটা পকী পথ আজি মুকলি কৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ পথসমূহ মুকলি কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ পাই পৰম সন্তোষ লাভ কৰা বুলি কয়৷ পথ কেইটা মুকলি কৰি ভাষণ দিয়াৰ পৰিবৰ্তে স্থানীয় ৰাইজৰ লগত অনানুষ্ঠানিকভাৱে বৈঠকত মিলিত হৈ বিভিন্ন সমস্যা সম্পৰ্কে মত বিনিময় কৰে৷ তেওঁ কয় যে পাটাছিৰকুছি সমষ্টিটোৱে আটাইতকৈ পিচ পৰা আছিল৷ এখন উচ্চ পৰ্যায়ৰ চৰকাৰী সভাত পাটাছিৰকুছি সমষ্টিত প্ৰায় ৩৪০ কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলগীয়া আছিল৷ এতিয়া সম্পুৰ্ণ হবলৈ কিছু বাকী আছে৷ সমষ্টিত ২৯৭ কোটি টকাৰ পথ নিৰ্মাণ এক অভিলেখ বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ পথ নিৰ্মাণ নোহোৱাত স্বয়ং মুখ্যমন্ত্ৰীয়ে উচপ খাই উঠিছিল বুলি কয়৷ সমষ্টিটোৰ ৰাস্তাঘাটৰ অৱস্থা অতি বেয়া আছিল৷ এই সমষ্টিটোৰ নিৰ্মাণ কৰিবলগীয়া পথ আৰু দলঙৰ সংখ্যা বেছি আছিল৷ সেয়া পুৰণ কৰাত যৎপৰোনাস্তিভাৱে চেষ্টা কৰা বুলি উল্লেখ কৰে৷ স্থানীয় ৰাইজে আন পথ চাবলৈ কৰা অনুৰোধত তেওঁ মন্ত্ৰী এম এল এ পথ নাচায় বুলি কয়৷ পথবোৰ বিভাগীয় অভিযন্তাইহে সথিকভাবে চাব পাৰে আৰু ইয়াৰ সমাধানৰ বাবে সথিক পৰিকল্পনা যুগুত কৰিব পাৰে৷ যি ৰাইজৰ প্ৰতিনিধিয়ে পতকৈ পথ চাই কথা দিয়ে তেওঁলোকৰ অভিসন্ধি থাকে৷ ভাল প্ৰতিনিধিয়ে কেতিয়াও তেনে কাম নকৰে বুলি কয়৷ সমষ্টিটোত আত্ম সহায়ক গোটৰ ৩০০০০ মহিলাক চৰকাৰে চেক প্ৰদান কৰিব৷ এই সংখ্যা আন সমষ্টিতকৈ বহু বেছি বুলিও কয়৷
উক্ত অনুষ্ঠানত বিভাগীয় অভিযন্তা ৰাতুল নাথ, জিলা বিজেপিৰ সভাপতি মুকুট কলিতা, মণ্ডল সভাপতি ৰাজীৱ শৰ্মা, জিলা পৰিষদৰ সভানেত্ৰী মিনাক্ষী দাস, বামুণকুছি পঞ্চায়তৰ সভানেত্ৰী অঞ্জনা কলিতাকে আদি কৰি গঞা ৰাইজ উপস্থিত থাকে । আজি মুকলি কৰা পথসমূহ হৈছে
টিহু বনগাঁও পথৰ পৰা বৰভালুকী গাঁৱলৈ যোৱা পথ, জালিখাটাৰ পৰা সিদ্ধপুৰ প্ৰাথমিক বিদ্যালয় হৈ গৌৰীপুৰলৈ যোৱা পথ বামুণকুছি স্বাস্থ্য উপ-কেন্দ্ৰৰ পৰা নিজসৰিহ গাঁৱলৈ যোৱা পথ।