...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবিধান দিৱস পালন

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবিধান দিৱস পালন

“ছাত্ৰ-ছাত্ৰীসকল হৈছে সংবিধানৰ ভৱিষ্যতৰ ৰক্ষক”:উপাচাৰ্য জিতেন হাজৰিকা

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ জুৰিডিকেল ষ্টাডিজ (চিজেএছ)য়ে জিলা আইন সেৱা প্ৰাধিকৰণ (ডিএলএছএ), ডিব্ৰুগড়, আৰু ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ স্নাতকোত্তৰ গোটৰ সহযোগত ভাৰতৰ ৭৬ সংখ্যক সংবিধান দিৱস ড° ইন্দিৰা মিৰি সভাকক্ষত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু সমসাময়িক প্ৰাসংগিকতা ওপৰত বক্তৃতা প্ৰদান কৰা হয়। উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল, চি জে এছৰ অধ্যক্ষ ড০ ৰূপম শইকীয়া; এন এছ এছৰ অধ্যাপক ড° ডেভিদ কাৰ্ডং; অসম চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনছিক মেডিচিন বিভাগৰ অধ্যাপিকা ডাঃ শোভাজ্যোতি ডেকা আৰু ডিব্ৰুগড়ৰ ডি এল এছ এৰ সচিব অভিজিত শইকীয়া উপস্থিত থাকি সংবিধান দিৱসৰ গুৰুত্ব সম্পৰ্কে নিজ নিজ ভাষণত প্ৰকাশ কৰে।
পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। আদৰণি ভাষণত চি জে এছৰ অধ্যক্ষ ড০ ৰূপম শইকীয়াই সংবিধান গঢ় দিয়া সামূহিক শ্ৰম আৰু দৃষ্টিভংগীৰ আৰু ৩৯৩ নং অনুচ্ছেদৰ ওপৰত ব্যক্ত কৰে।
উপাচাৰ্য ড০ জিতেন হাজৰিকাই জাতিটোৰ সাংবিধানিক ঐতিহ্যক উদযাপন কৰাই নহয়, ইয়াৰ মূল্যবোধৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ সংযোগ গভীৰ কৰে আৰু আয়োজনৰ ফলত সংবিধানৰ জৰিয়তে “ছাত্ৰ-ছাত্ৰীসকল হৈছে সংবিধানৰ ভৱিষ্যতৰ ৰক্ষক,” যাৰ ওপৰত ইয়াৰ আত্মাক সততা আৰু সতৰ্কতাৰে আগুৱাই নিয়াৰ দায়িত্ব দিয়া হৈছে বুলিও কয়। এ এম চিৰ ফৰেনছিক মেডিচিনৰ অধ্যাপিকা ডাঃ সুভা জ্যোতি ডেকাই “চিকিৎসা ন্যায়বিজ্ঞান: প্ৰমাণৰ আইনত ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে ।
ডিব্ৰুগড়ৰ ডি এল এছ এৰ সম্পাদক অভিজিৎ শইকীয়াই “বিনামূলীয়া আইনী সাহায্য: সাংবিধানিক আদেশৰ ওপৰত বক্তব্য প্ৰদান কৰে।সংবিধান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিযোগিতা বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰে বিশিষ্ট ব্যক্তি সকলে

Leave a Reply

Your email address will not be published. Required fields are marked *