...

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ বিৰুদ্ধে ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Spread the love

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ বিৰুদ্ধে ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

 

‘দেশতকৈ মামী ডাঙৰ নহয়’ শ্লোগানেৰে উত্তাল পৰিৱেশ

চাইন অন ডেস্ক:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ অগাধ সম্পত্তিৰ বিৰুদ্ধে ডিব্ৰুগড়তো মঙ্গলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে। ডিব্ৰুগড় ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উদ্যোগত ‘দেশতকৈ মামী ডাঙৰ নহয়’ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰণতি ফুকনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে এই প্ৰতিবাদ অতি ন্যায্য প্ৰতিবাদ বুলি উল্লেখ কৰি কয়, দেশতকৈ মামী ডাঙৰ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী বা অঙহী-বঙহীৰ নামত অসমৰ সম্পত্তি যেনেকৈ এফালৰ পৰা গ্ৰাস কৰিছে, এইটো অতি আশ্বৰ্যকৰ আৰু দুখৰ কথা। অসম তথা ভাৰতবৰ্ষৰ ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰীয়ে এনেকৈ মাটি গ্ৰাস কৰা বা সম্পত্তিৰ পাহাৰ গঢ়া দেখা নাই। আনহাতে অসমৰ ৰাইজক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হ’বলৈ আহ্বান জনাই কয় যে, গো-গ্ৰাসে গিলা নেতাবিলাকক শাসনৰ গাদীত বহাবলগীয়া হয়, তেনেহ’লে অনাগত দিনত আৰু কি হ’ব তাৰ কোনো ঠিকনা নাই। পাঁচ বছৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালে ১২ হাজাৰ বিঘা মাটি নিজৰ অধীনলৈ আনিছে। যিফালে চাই সেইফালেই বাগান, ৰিজৰ্ট, স্কুল পাতিছে। নিউজ চেনেলৰটো কথাই নাই। আনকি মূগা শিল্প পৰ্যন্ত সমুদায় তেওঁলোকে নিজৰ অধীনলৈ আনিছে। এজন মুখ্যমন্ত্ৰী হৈ দেশৰ যুৱক-যুৱতীৰ কথা চিন্তা নকৰি কেৱল নিজৰ সম্পত্তি কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে উঠিপৰি লাগিছে। গতিকে আমি এনেকুৱা নেতা আৰু চৰকাৰক ধিক্কাৰ দিছোঁ। ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আন এজন অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, অসমৰ খিলঞ্জীয়া-ভূমিপুত্ৰৰ ১২ হাজাৰ বিঘা মাটি আমাৰ মামা-মামীয়ে আজি দখল কৰিছে। কেৱল মামা-মামী বুলিয়েই নহয়, আদানী-আম্বানীৰ দৰে বৃহৎ পুঁজিপতিক খিলঞ্জীয়াৰ মাটি গতাই দিছে। জাতি-মাটি আৰু ভেঁটি ৰক্ষা কৰাৰ নামত তেওঁলোকে যি ভেঁকোভাওনা কৰিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ মামীয়ে ১২ হাজাৰ বিঘা মাটি যিধৰণেৰে হস্তগত কৰিছে তাক আমি গৰিহনা দিছে। ধন-সম্পত্তি কৰিব লাগে, তাক আমি ক’বলৈ নাযাওঁ। কিন্তু দুখীয়া ৰাইজৰ মাটি কাঢ়ি নি সম্পত্তি গঢ়াৰ কথাটো মানি ল’ব নোৱাৰোঁ। তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত তেনেকুৱা ধৰণৰ নজিৰ দেখা নাপালোঁ। ৰাজশাসনৰ পৰিৱৰ্তে জনসাধাৰণৰ উন্নয়নত কাম কৰিবলৈ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণ্ডাগিৰী শাসন বন্ধ কৰক। অন্যথা ২৬ৰ নিৰ্বাচনত অসমৰ ৰাইজে পুলিয়ে-পোখাই উঘালি ব্ৰহ্মপুত্ৰত দলিয়াই দিব। প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰ, সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ আদিকে ধৰি ভালেসংখ্যক কংগ্ৰেছ নেতাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *