...

“কংগ্ৰেছৰ নীতি জনহিতকৰ নহয়, মোদীৰ ‘ৰাষ্ট্ৰ প্ৰথম’ দৃষ্টিভংগীয়ে ভাৰতৰ বাবে বিশ্বৰ বজাৰ মুকলি কৰিছে”: সৰ্বানন্দ সোণোৱাল

Spread the love

“কংগ্ৰেছৰ নীতি জনহিতকৰ নহয়, মোদীৰ ‘ৰাষ্ট্ৰ প্ৰথম’ দৃষ্টিভংগীয়ে ভাৰতৰ বাবে বিশ্বৰ বজাৰ মুকলি কৰিছে”: সৰ্বানন্দ সোণোৱাল

“শূন্য শুল্ক প্ৰৱেশৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত অসমৰ চাহৰ ২৫ বছৰৰ ভিতৰত ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে”: সোণোৱাল

চাইন অন ডেস্ক:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ ফলশ্ৰুতিত বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে ভাৰতৰ নিৰ্ণায়ক উত্থান হৈছে। এই উত্থান কংগ্ৰেছ দলৰ চৰকাৰৰ শাসনকালত স্তিমিত হৈ ৰৈছিল।

ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি সোণোৱালে কয় যে ২০১৪ চনৰ পৰা ভাৰতে আত্মবিশ্বাসী হৈ দৃঢ়তাৰে উন্নয়ন আৰু সমৃদ্ধিৰ নতুন দিগন্তৰ সূচনা কৰিছে। তেওঁ কয় যে শেহতীয়া ছয় বছৰত সম্পন্ন হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ইউৰোপ, উপসাগৰীয় অঞ্চল, অ’চেনিয়া আৰু উত্তৰ আমেৰিকাত ভাৰতৰ বাবে অগ্ৰাধিকাৰমূলক প্ৰৱেশ নিশ্চিত কৰিছে, যিবোৰ ভাৰতৰ ৰপ্তানি মূল্যৰ প্ৰায় ৩০% প্রায় ২২ লাখ কোটি টকাৰ সমান। এই মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে আজি বিশ্বৰ প্ৰায় ৭০ শতাংশ বাণিজ্যৰ বজাৰ ভাৰতৰ বাবে মুকলি হৈছে।

“দশক দশক ধৰি কংগ্ৰেছে বাণিজ্য নীতিক ৰক্ষণাত্মক দৃষ্টিভংগী আৰু নীতিগত পক্ষাঘাতলৈ ৰূপান্তৰিত কৰিছিল। তেওঁলোকে ভাৰতীয় উদ্যোগ, ভাৰতীয় কৃষক আৰু ভাৰতীয় উদ্যোগপতিসকলে বিশ্ব বজাৰত

প্রতিযোগিতা কৰিব পাৰিব বুলি আত্মবিশ্বাসৰ অভাৱত ভুগিছিল,” সৰ্বানন্দ সোণোৱালে কয়।

“প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে বজাৰ সম্প্ৰসাৰণ কৰি, প্ৰতিযোগী অর্থনীতিসমূহতকৈ ভাল শুল্ক চৰ্ত নিশ্চিত কৰি আৰু আমাৰ মূল স্বার্থসমূহ সুৰক্ষিত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রা শক্তিশালী কৰিছে। সেইটোৱেই কংগ্ৰেছৰ সংকীৰ্ণ ৰাজনৈতিক চিন্তাধাৰা আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ মাজৰ বৃহৎ পাৰ্থক্য,” সোণোৱালে যোগ দিয়ে।

সোণোৱালে কয় যে ২০২৬ চনত সম্পন্ন হোৱা ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তর্বর্তী বাণিজ্য চুক্তিয়ে এই পৰিৱৰ্তনক এক নতুন গতি প্ৰদান কৰিছে। ই দ্বিপাক্ষিক বাণিজ্যক বছৰি ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে আৰু ভাৰতীয় সামগ্ৰীত পাৰস্পৰিক শুল্ক ১৮%লৈ হ্ৰাস কৰিছে, যিটো কেইবাটাও প্রতিযোগী অর্থনীতিতকৈ কম। মুখ্য খণ্ডসমূহ যেনে সাধাৰণ ঔষধ, ৰত্ন আৰু হীৰা, বিমানৰ অংশ আৰু নিৰ্বাচিত কৃষি সামগ্ৰীৰ বাবে শূন্য শুল্ক প্ৰৱেশ নিশ্চিত কৰা হৈছে আৰু ২৩২টা শুল্ক লাইনলৈ অগ্ৰাধিকাৰমূলক ব্যৱহাৰ বৃদ্ধি কৰা হৈছে। সোণোৱালে কয় যে কৃষি সামগ্রী

৯০-৯৫% যেনে গম, চাউল, মাকৈ, দুগ্ধজাত সামগ্ৰীৰ উপৰি হাঁহ-কুকুৰা, মছলা আদি বিভিন্ন সামগ্ৰীৰ বাণিজ্যকৰণ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ পৰিছে।

“মোদী চৰকাৰে দেখুৱাইছে যে কেনেকৈ কৃষকসকলৰ কল্যাণৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বিশ্ব বজাৰ মুকলি কৰিব পাৰি। কংগ্ৰেছে ভয় সৃষ্টি কৰিছিল, মোদী ডাঙৰীয়াই সুযোগ সৃষ্টি কৰিছে,” সোণোৱালে কয়।

শেহতীয়াকৈ স্বাক্ষৰিত ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি সোণোৱালে লগতে কয় যে এই চুক্তিয়ে ২৭খন ইউৰোপীয় দেশত ভাৰতৰ ৯৯.৫% ৰপ্তানিৰ অগ্ৰাধিকাৰমূলক প্ৰৱেশ নিশ্চিত কৰিছে, য’ত মূল্যৰ দিশৰ পৰা ৯০.৭% ৰপ্তানি প্ৰৱেশৰ লগে লগে শুল্কহীন হৈ যাব। শ্রম-সমৃদ্ধ খণ্ডসমূহ যেনে বস্ত্ৰ, চামৰা, জোতা, ৰত্ন, গহনা আদি উল্লেখযোগ্যভাৱে লাভৱান হ’ব। এই চুক্তিয়ে ১৪৪টা সেৱা উপখণ্ড মুকলি কৰিছে, যিয়ে ভাৰতৰ তথ্য-প্রযুক্তি আৰু পেছাদাৰী সেৱাত বিশ্ব বজাৰত স্থিতি শক্তিশালী কৰিছে। একেদৰে, ভাৰত-ইউ কে ব্যাপক অর্থনৈতিক বাণিজ্য চুক্তিয়ে ভাৰতৰ প্ৰায় ৯৯% ৰপ্তানিৰ শুল্কহীন প্ৰৱেশ নিশ্চিত কৰিছে আৰু ১৩৭টা সেৱা উপখণ্ড মুকলি কৰিছে, যিয়ে তথ্য-প্রযুক্তি, বিত্তীয়, টেলিকম আৰু শিক্ষা সেৱাত ভাৰতীয় পেছাদাৰীসকলক

যথেষ্ট লাভান্বিত কৰিব। ওমান আৰু নিউজিলেণ্ডৰ সৈতে হোৱা চুক্তিসমূহে প্রায় সম্পূর্ণ বা সম্পূর্ণ শুল্কহীন প্ৰৱেশ নিশ্চিত কৰিছে, সেৱা বজাৰ সম্প্ৰসাৰিত কৰিছে আৰু নতুন গতিশীলতাৰে বিনিয়োগৰ পথ সৃষ্টি কৰিছে।

সোণোৱালে লগতে কয় যে এই চুক্তিসমূহে একেলগে ভাৰতৰ বিশ্বব্যাপী শক্তিশালী অৱস্থানত এক অভূতপূর্ব অৰিহণা যোগাইছে। “দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল বিশ্ব নেতাসকলৰ মাজতে নহয়, আমাৰ উদ্যোগপতি, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগী আৰু যুৱপ্ৰজন্মৰ মাজতো আত্মবিশ্বাস জাগ্ৰত কৰিছে। তেওঁ দেখুৱাইছে যে ভাৰতে বিশ্ব বাণিজ্যত নিষ্ক্রিয় অংশগ্রহণকাৰী নহৈ নিয়ম-প্রস্তুতকর্তা আৰু সুযোগ সৃষ্টিকাৰীও হ’ব পাৰে,” সোণোৱালে কয়।

অসমৰ সুযোগ-সম্ভাৱনাসমূহৰ সন্দৰ্ভত বিশেষ আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ চাহ ৰপ্তানিয়ে যুক্তৰাষ্ট্ৰৰ বজাৰত শুল্কহীন প্ৰৱেশ পুনৰ লাভ কৰিছে, যিয়ে ২৫ বছৰৰ ভিতৰত ৰপ্তানি শক্তিশালীভাৱে বৃদ্ধি কৰিছে, ২০২৫-২৬ বৰ্ষত ৰপ্তানি ৪০ মিলিয়ন কেজিলৈ বৃদ্ধি পাইছে। ৰাজ্যৰ মুঠ ৰপ্তানিয়ে প্রায় ১৫০ মিলিয়ন কেজি অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে, যাৰ মূল্য প্রায় ২,৫০০ কোটি টকা। মছলা, চাউল, হস্তশিল্প,

বাঁহৰ সামগ্ৰী, পেট্ৰ’কেমিকেল আৰু উদ্যানশস্যৰ দৰে খণ্ডসমূহেও ইয়াৰ জৰিয়তে লাভৱান হ’বলৈ সাজু হৈছে, অসমৰ সামগ্রিক ৰপ্তানিয়ে ২০২৬-২৭৩ ১০,০০০ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।

“কংগ্রেছ পাটিয়ে সদায় সংস্কাৰমূলক, পৰিকাঠামোগত আৰু পৰিৱৰ্তনশীল বাণিজ্য চুক্তিসমূহৰ বিৰোধিতা কৰি আহিছে কাৰণ তেওঁলোকৰ ৰাজনীতি নিৰাশাবাদত জীয়াই আছে। তেওঁলোকৰ ‘সূতা কম্বল’ ৰাজনীতিৰ বিপৰীতে পৰা আমাৰ চৰকাৰে অসমৰ চাহ উদ্যোগক যথেষ্ট শক্তিশালী কৰিছে আৰু যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা চুক্তিয়ে ইয়াৰ বাণিজ্যিক সম্ভাৱনা উজ্জ্বল কৰিছে। কংগ্রেছে কেতিয়াও বিশ্বাস কৰা নাছিল যে ভাৰতে সমগ্র বিশ্বতে প্রতিযোগিতা কৰিব পাৰিব। প্রধানমন্ত্রী মোদীয়ে তেওঁলোকক ভুল প্রমাণিত কৰি কেইবা ত্রিলিয়ন ডলাৰৰ বজাৰ মুকলি কৰিছে, যুৱপ্ৰজন্ম আৰু মহিলাসকলৰ বাবে লাখ লাখ চাকৰি সৃষ্টি কৰিছে, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগীৰ সশক্তিকৰণ নিশ্চিত কৰিছে আৰু সংবেদনশীল খণ্ডসমূহ সুৰক্ষিত হৈ থকাটোও নিশ্চিত কৰিছে। এই বাণিজ্য চুক্তিসমূহে নতুন ভাৰতৰ আত্মবিশ্বাসক প্ৰতিফলিত কৰিছে,” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোগ দিয়ে।

“প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী আৰু গতিশীল নেতৃত্বত ভাৰতে দেশখনৰ জনসাধাৰণৰ বাবে মূল্য, সম্পদ আৰু সুযোগ সৃষ্টি কৰিছে। এয়াই বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ পথ প্রশস্ত হোৱাৰ ঐতিহাসিক পৰিঘটনা।”, সোণোৱালে শেষত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *