...

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Spread the love

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ গুৰুত্বপূৰ্ণ সংবাদমেল

”কোনেও ভয় খোৱাৰ প্ৰয়োজন নাই, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ’বলৈ গৈ আছে’’

”অসমবাসী ৰাইজে নিজৰ সংস্কৃতি ভালপায়, অসমৰ ৰাইজে অহংকাৰী আৰু অভদ্ৰ মুখ্যমন্ত্ৰী নিবিচাৰে’’

”জুবিন গাৰ্গক ন্যায় দিবলৈ ফাষ্টট্ৰেক কোৰ্ট খৰতকীয়াকৈ গঠন কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ছমাহ পলম কৰিলে”

——মল্লিকাৰ্জুন খাৰ্গে

গুৱাহাটী:

কোনেও ভয় খোৱাৰ প্ৰয়োজন নাই। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ’বলৈ গৈ আছে। মহিলাসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। কংগ্ৰেছ চৰকাৰ আহিলেও বৰ্তমান পাই থকা পইছাবোৰ পায়েই থাকিব। পইছা আৰু বৃদ্ধিও পাব পাৰে। বিজেপিয়ে কংগ্ৰেছ চৰকাৰ আহিলে পাই থকা পইছাবোৰ বন্ধ হ’ব বুলি ভয় খুৱাব বিচাৰিছে। তেনে অপপ্ৰচাৰত ভোল যাব নালাগে। ছাৰ্ভে টীমৰ পৰা আমি জানিছো যে আমাৰ দলে সংখ্যাগৰিষ্ঠতা পাব। আমাৰ মিত্ৰজোঁটে ৭০-৭২ খন আসন পাব পাৰে। -নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গুৱাহাটীৰ তাজ ভিভাণ্টাত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি আজি এইদৰে কয়।
উল্লেখ্য যে, ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি ৫ বজাত অন্ত পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয় যে ৯ এপ্ৰিলত ৰাইজে ভোটদান কৰিব। এইবাৰ ৰাইজে নিজৰ ভোটেৰে অসমৰ আটাইতকৈ ভ্ৰষ্ট চৰকাৰখনক ক্ষমতাৰ পৰা বাহিৰ কৰিবলৈ সাজু হৈছে। সমগ্ৰ দেশৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান ভ্ৰষ্ট আৰু অহংকাৰী মুখ্যমন্ত্রী এজনো নাই বুলি কটাক্ষ কৰি খাৰ্গেই কয় যে অসমৰ মানুহে নিজৰ সংস্কৃতি আৰু পৰম্পৰাক ভাল পায়, সেয়ে তেওঁলোকক এজন অসভ্য, অভদ্ৰ আৰু অহংকাৰী মুখ্যমন্ত্রী নালাগে। জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ পৰিৱৰ্তে এইগৰাকী মুখ্যমন্ত্রীয়ে কেৱল নিজৰহে উন্নয়ন কৰিছে। ইয়াত অগণন কোম্পানী, চাহ বাগান, ৰিজৰ্ট আৰু ইণ্টাৰনেচনেল স্কুলৰ এক চিণ্ডিকেট চলি থকাৰ লগতে কয়লা, ছুপাৰী, কণী আৰু বালিৰ বেহা চলাই থকা হৈছে। হাজাৰ হাজাৰ বিঘা মাটি নিজৰ বন্ধু তথা কৰ্পোৰেট গোষ্ঠীক বিলাই দি চৰকাৰৰ মন্ত্ৰীসকল হাজাৰ হাজাৰ কোটি টকাৰ মালিক হোৱা বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰে মল্লিকাৰ্জুন খাৰ্গেই।
আনহাতে, গৌৰৱ গগৈক মুখ্যমন্ত্রীৰ পুত্ৰ বুলি কৰা উপলুঙা প্ৰসংগত খাৰ্গেই কয় যে গৌৰৱ বা তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে ১৫ বছৰত যিমান সম্পত্তি কৰিছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্রীৰ যোৱা ৫ বছৰৰ সম্পত্তিৰ শপতনামা চালেই সকলো ওলাই পৰে। তেওঁ প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক প্রশ্ন কৰি কয়, “ভ্ৰষ্টাচাৰ সহ্য নকৰোঁ বুলি কোৱা আপোনালোকৰ এই ‘তোলনীয়া পুত্ৰ’ অৰ্থাৎ অসমৰ মুখ্যমন্ত্রীয়ে ইমান দুৰ্নীতি কৰিছে, তেওঁৰ বিৰুদ্ধে তদন্ত কিয় নহয়? আপোনালোকে তেওঁক এজন বৰ ভাল ল’ৰা বুলি ক’লে, কিন্তু এইজন পুত্ৰইতো কেৱল খোৱাতহে ব্যস্ত।” খাৰ্গেই কয় যে বিজেপিয়ে এতিয়া নিজৰ দলৰ বাবে ধন গোটাবলৈ এই ‘তোলনীয়া পুত্ৰ’ক যিমান ইচ্ছা সিমান খাবলৈ সুযোগ দিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়াৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে ফাষ্ট ট্ৰেক কোৰ্ট খৰতকীয়াকৈ গঠন কৰাৰ পৰিৱৰ্তে চৰকাৰে ছমাহ পলম কৰিলে, যাৰ জৰিয়তে হয়তো কাৰোবাক বচাবলৈ চেষ্টা কৰা হৈছিল। তেওঁ প্রতিশ্রুতি দি কয় যে কংগ্ৰেছ চৰকাৰ অহাৰ ১০০ দিনৰ ভিতৰত জুবিনক ন্যায় দি দোষীক শাস্তি বিহা হ’ব।
মহিলাসকলক দিয়া সাহায্যৰ বিষয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে চৰকাৰী আঁচনিৰ পইছা বন্ধ হোৱাৰ কোনো ভয় নাই, বৰঞ্চ সেই পইছা বৃদ্ধিহে কৰা হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে এইখন আমাৰ ব্যক্তিগত যুঁজ নহয়, এয়া হৈছে ‘জনতা বনাম হিমন্ত বিশ্ব শৰ্মা’ৰ যুঁজ। কংগ্ৰেছে কোনো চৰ্ত অবিহনে মহিলাসকলক সহায় কৰিব। বিজেপিয়ে দলীয় পতাকা কোনে লগাইছে বা প্ৰদৰ্শনলৈ কোন গৈছে চাই সুবিধা দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছে সকলোকে সমানে সহায় কৰি যাব। আমাৰ চাৰ্ভে টিমৰ তথ্য অনুসৰি আমি ৬৪ খন আসনৰ সীমা অতিক্ৰম কৰি ৭২-৭৩ খন আসন লাভেৰে সহজে চৰকাৰ গঠন কৰিম। বহিঃৰাজ্যত থকা অসমৰ ভোটাৰসকলৰ বিষয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে বাংগালুৰু, পুণে, কেৰালা, চেন্নাই বা মুম্বাইত থকা অসমৰ লোকসকলে এই চৰকাৰখন সলনি কৰিবলৈ ঘৰলৈ আহি ভোট দিয়াটো জৰুৰী। ৰাইজে এজন সৎ, বিনম্ৰ, ভদ্ৰ আৰু সুশীল মুখ্যমন্ত্রী নিৰ্বাচিত কৰা উচিত।
ইফালে, সংবাদমেলত উপস্থিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে তেওঁ সদায় সোঁফালে বা বাওঁফালে চোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয়ভাৱে নেহৰুৰ দৰ্শনক অনুসৰণ কৰে। এআইচিচিৰ নেতা পৱন খেড়াই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগ আৰু তাৰ পাছতে দিল্লীত অসম আৰক্ষী উপস্থিত হোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে যিহেতু দেশত আৰু ৰাজ্যত তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ আছে, গতিকে তেওঁলোকে এফআইআৰ কৰিবই। কেন্দ্ৰীয় বিদেশ মন্ত্রী আৰু ৰাজ্যিক বিদেশ মন্ত্ৰীও তেওঁলোকৰ দলৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই তেওঁ কয়, ”তেওঁলোকে এইবোৰ মিছা নে সঁচা তাৰ উত্তৰ দিয়ক। কিন্তু তাৰ সলনি যদি কেৱল এফআইআৰ কৰে তেন্তে আমি তাক ভয় নকৰোঁ আৰু যি হয় আমি তাৰ মুখামুখি সাজু আছো।’’ গ্ৰেপ্তাৰৰ তৰোৱাল ওলমি থকা বুলি সাংবাদিকে কৰা আন এক প্ৰশ্নৰ উত্তৰ দি খাৰ্গেই কয় যে আমি এনে বহুত দেখিছোঁ আৰু বৰ্তমান চৰকাৰে ইডি, চিবিআই তথা ইনকাম টেক্সৰ জৰিয়তে সকলোকে হাৰাশাস্তি কৰি আছে। দুৰ্নীতিগ্ৰস্ত বুলি জেলত ভৰাই থোৱা মানুহবোৰ বাহিৰলৈ আহিলে বিজেপিয়ে ‘ৱাশ্বিং মেচিন’ত ভৰাই তেওঁলোকক চাফা কৰি লয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই প্ৰসংগত পুনৰ কয় যে দাগ এবাৰ লাগিলে সেয়া কেতিয়াও পৰিষ্কাৰ নহয়। ড° বাবাচাহেব আম্বেদকাৰে কৈছিল- কয়লাক যিমানেই নঘঁহক কিয় সেয়া কলাই ওলাব, গতিকে এই মানুহবোৰে দল সলনি কৰিলেও তেওঁলোক কেতিয়াও বগা নহয়।
মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে তিনিখনকৈ বিদেশী পাছপোৰ্ট থকাৰ যি অভিযোগ উঠিছে আৰু দেশকেইখনে সেই পাছপোৰ্টসমূহ ‘ভুৱা’ বুলি স্পষ্ট কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে এতিয়া চৰকাৰ তেওঁলোকৰ হাতত আছে, গতিকে তেওঁলোকে ইয়াৰ উত্তৰ দিয়ক। বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্রীগৰাকীও ইয়াৰেই বুলি আঙুলিয়াই দি তেওঁ কয় যে এতিয়া যিহেতু এফআইআৰ দিছে, গতিকে আদালতত বিচাৰ হ’লে কি হয় সেয়া দেখা যাব।
আনহাতে, কংগ্ৰেছৰ বিশ্বাসযোগ্যতাক লৈ একাংশ ভোটাৰে তোলা প্ৰশ্ন আৰু নিৰ্বাচনৰ আগে আগে ইস্তাহাৰ কমিটিৰ অধ্যক্ষসহ কেইবাজনো নেতাই দল ত্যাগ কৰা বিষয়ত এগৰাকী সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে প্ৰতিটো দলতে কিছুমান ‘গাদ্দাৰ’ থাকিব পাৰে। এজন গাদ্দাৰে দল এৰিলেই একো নহয়। কংগ্ৰেছ এটা ১৪০ বছৰ পুৰণি দল আৰু ইয়াত বহু লোক আহে আৰু বহু লোক যায়। আয়া ৰামো যায়, গয়া ৰামো যায়, কিন্তু দেশৰ সুৰক্ষা আৰু দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই দলটো জীয়াই আছে। তেওঁ কয় যে আমি কোনো গাদ্দাৰৰ পৰা শিক্ষা ল’ব নালাগে, আমি আমাৰ নিষ্ঠাবান কৰ্মীৰ পৰা পোৱা গ্ৰাউণ্ড ফিডবেকৰ ওপৰতহে বিশ্বাস কৰোঁ।
একেদৰে, পৱন খেড়া আৰু গৌৰৱ গগৈয়ে কৰা যুটীয়া সংবাদমেলত গৌৰৱ গগৈয়ে লণ্ডনত সম্পত্তি থকাৰ কথাটো ভগৱত গীতাত হাত থৈ অস্বীকাৰ কৰিবলৈ দিয়া প্ৰত্যাহ্বান আৰু মুখ্যমন্ত্রীৰ পত্নীয়ে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰা বিষয়ত সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে শপত সকলোৱে খায়, কোনোবাই কোৰানৰ খায়, কোনোবাই গীতাত হাত দি খায় আৰু কোনোবাই বাইবেলৰ খায়। কিন্তু মই সংবিধানত শপত খাওঁ, কাৰণ মই ইয়াৰ ওপৰতে জীয়াই আছোঁ। গণতন্ত্ৰত লিখা বা কোৱাৰ অধিকাৰ আমাক সংবিধানেহে দিছে বুলি উল্লেখ কৰি খাৰ্গেই কয় যে ইয়াত ধৰ্ম টানি অনাটো ঠিক নহয়। আমি আইনক সন্মান কৰোঁ আৰু আইন অনুযায়ীহে আগবাঢ়িম।
কংগ্ৰেছ নেতৃত্বাধীন ছয় দলীয় মিত্ৰজোঁটৰ চৰকাৰ হ’লে গৌৰৱ গগৈয়েই মুখ্যমন্ত্রী হ’ব নেকি বুলি এগৰাকী সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ তেনে কোনো আনুষ্ঠানিক প্ৰথা নাই। তেওঁ কয়, “আপুনি মোক ইমান সহজে ঘেৰিব নোৱাৰে। আমাৰ দলৰ নিয়ম হ’ল প্ৰথমে নিৰ্বাচন হ’বলৈ দিয়ক। বিধায়কসকল নিৰ্বাচিত হৈ অহাৰ পাছত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তেওঁলোকৰ সৈতে আলোচনা কৰিহে হাইকমাণ্ডে মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিব। বিধায়কসকলৰ ইচ্ছা আৰু অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে হাইমণ্ডকমাণ্ডে এই সিদ্ধান্ত লয়।”
আনহাতে, ৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ পূৰ্বে অসমত নিৰ্বাচন আয়োগৰ ভূমিকা সন্দৰ্ভত সংবাদমেলত সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে অন্ততঃ অসমত যাতে এক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হয়, সেয়াই আমি বিচাৰোঁ। আয়োগৰ ভূমিকাৰ বিষয়ে সময় আহিলে বিতংভাৱে জনোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ বৰ্তমান কেৱল নিৰ্বাচনতহে মনোনিৱেশ কৰা বুলি মন্তব্য কৰে। ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ৰাহুল গান্ধীক ‘ভ্ৰষ্ট ৰাজপৰিয়াল’ৰ সন্তান বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি খাৰ্গেই কয় যে গান্ধী পৰিয়ালৰ বিৰুদ্ধে ক’বলৈ মোদীৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁ কয়, “যিটো পৰিয়ালে দেশক এক কৰি ৰাখিবলৈ নিজৰ প্ৰাণ দিলে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে দেশৰ বাবে শ্বহীদ হ’ল, তেওঁলোকক অপমান কৰাটো গৰিহণাযোগ্য। ছোনিয়া গান্ধীয়ে দুবাৰকৈ প্রধানমন্ত্রীৰ পদ প্রত্যাখ্যান কৰি মনমোহন সিঙক দায়িত্ব দিছিল। ১৯৮৯ চনৰ পাছত এই পৰিয়ালৰ কোনো লোক মুখ্যমন্ত্রী বা প্রধানমন্ত্রী হোৱা নাই, অথচ প্রধানমন্ত্রীয়ে কেৱল মিছা মাতি মাতি নিজৰ ব্যক্তিত্ব হেৰুৱাই এতিয়া এজন আৰ এছ এছৰ কৰ্মীৰ পৰ্যায়লৈ নামি গৈছে।”
কেৰালাৰ সবৰীমালা মন্দিৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি সলনি হোৱা বিষয়ক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খাৰ্গেই কয় যে বৰ্তমান আমি অসমত আছোঁ, গতিকে কেৰালাৰ কথা এতিয়া পতাটো প্ৰাসংগিক নহয়। অৱশ্যে তেওঁ কয় যে সকলো মহিলাকে সন্মান কৰাটো জৰুৰী আৰু ধৰ্মীয় অনুভূতিকো আমি সদায় আদৰ কৰোঁ। আনহাতে, বিজেপিয়ে সদায় কংগ্ৰেছক ‘মুছলিম তুষ্টিকৰণ’ আৰু ‘পাকিস্তান পন্থী’ বুলি কৰা অভিযোগৰ উত্তৰত খাৰ্গেই কয় যে যাৰ বুদ্ধি কম তেওঁলোকেহে এনে কথা কয়। তেওঁ কয়, “আমাৰ দলে দেশৰ স্বাধীনতাৰ বাবে যুঁজিছিল। এই বিজেপিবোৰতো পৰহি ওপজা ল’ৰা। আগতে জনসংঘৰ নামত থাকোঁতে তেওঁলোকে ভোটেই পোৱা নাছিল। ২০১৪ চনত মোদী অহাৰ পাছতহে তেওঁলোকে স্বাধীনতা পোৱা যেন দেখুৱাইছে।”
সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী শপতনামাৰ বিসংগতিৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ হ’ব পাৰে বুলি খাৰ্গেই এক গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। এই সন্দৰ্ভত দলৰ সম্পাদক জিতেন্দ্ৰ সিঙে বিতংভাৱে কয় যে মুখ্যমন্ত্রীয়ে শপতনামাত সম্পত্তি আৰু পৰিয়ালৰ তথ্য গোপন কৰিছে, যাৰ বাবে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে। সিঙে কয়, “আয়োগে যদি ব্যৱস্থা নলয়, তেন্তে আমি উচ্চতম ন্যায়ালয়লৈ যাম। তেওঁ মুখ্যমন্ত্রী হ’লেও তথ্য গোপন কৰাৰ অপৰাধত তেওঁৰ পদ খাৰিজ হোৱাটো নিশ্চিত।”

Leave a Reply

Your email address will not be published. Required fields are marked *