অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যখনৰ ভিন্নপ্ৰান্তৰ লগতে ঢেকীয়াজুলি বিধান সভা সমষ্টিটো দলীয়-নিৰ্দলীয় প্ৰাৰ্থীসকলৰ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ঢেকীয়াজুলিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বাটাচ ওৰাঙৰো তুংগত উঠিছে প্ৰচাৰ অভিযান ৷ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ কথাৰে আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ়কৰণৰ বাৰ্তাৰে প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ আশীৰ্বাদ বিচাৰি সমষ্টিটোৰ গাঁৱে-নগৰে-বাগানে নিৰ্বাচনী ৰণত জপিয়াই পৰিছে ৷ ১১টা প্ৰতিশ্ৰুতিৰে ঢেকীয়াজুলিত নিৰ্বাচনী যুঁজত ভোটাৰ ৰাইজৰ কাষ চপা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰসংগ ক্ৰমে নিজৰ ভাষণত প্ৰকাশ কৰে যে এতিয়া শ্বহীদ নগৰীৰ গাঁৱে-ভূঞে পৰিৱৰ্তনৰ উচাহ। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাক অনুপ্ৰাণিত কৰিছে। ৰাইজৰ মৰম,আৰ্শীবাদ আৰু বিশ্বাসত কংগ্ৰেছ শক্তিশালী হৈ উঠিছে ৷ এইবাৰ আমাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত “হামদেৰ নেতা আৰু লোকেল বিধায়ক” লাগে বুলি কৈ কংগ্ৰেছৰ প্ৰতি ৰাইজে পূৰ্ণ সমৰ্থন জনাইছে ৷ কোনো ভেদাভেদ নোহোৱা আৰু সকলোৰে সমান অধিকাৰ থকা এখন সমাজ গঢ়াৰ বাবে আমি প্ৰতিশ্ৰুতিৱদ্ধ ।” উল্লেখ্য যে ৫ এপ্ৰিলৰ দিনটোতো ঢেকীয়াজুলি বিধান সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাতাছ ওৰাঙে মাৰাথান প্ৰচাৰ কাৰ্য চলায় । উক্তদিনা জয়নগৰ,পলাশবস্তি,অৰুণ চাহ বাগিছা,টিউলিভ চাহ বাগিছা,চিৰাজুলি চাহ বাগিছা আদি ঠাইত বুথে বুথে অনুষ্ঠিত কৰে নিৰ্বাচনী সভা । নিৰ্বাচনী সভাত ঝাৰখণ্ডৰ লাহাৰডাগা লোকসভাৰ সাংসদ সুখদেউ ভগত,শোণিতপুৰ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি কংকণ শইকীয়াকে আদি কৰি অন্যান্য দলীয় বিষয়ববীয়াসকলে তেওঁক সংগ দি বক্তৱ্য দাঙি ধৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিক ক্ষুৰধাৰ সমালোচনা আৰু কটাক্ষ কৰি কংগ্ৰেছ প্ৰাৰ্থী বাটাচ ওৰাঙে কয় – অশোক সিংহলে ১ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দিবাস্বপ্ন দেখাটো এৰি কিমান ভোটত পৰাজিত হয়, সেইটো হিচাপ কৰক ৷”
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.