...

গেৰুৱা হৈ পৰিল সমগ্ৰ ডিব্ৰুগড়ৰ ৰাজপথ

Spread the love

গেৰুৱা হৈ পৰিল সমগ্ৰ ডিব্ৰুগড়ৰ ৰাজপথ

জনস্ৰোতৰ হৰ্ষধ্বনীত মহানগৰৰ মুখৰিত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড-শ্ব’

৯০ৰ পৰা ১০০ আসন লাভ কৰাতো নিশ্চিত

 

চাইন অন ডেস্ক:
সমগ্ৰ ডিব্ৰুগড়ৰ ৰাজপথ চকুৰ পচাৰতে
গেৰুৱাময় হৈ পৰিল।জনস্ৰোতৰ হৰ্ষধ্বনীত মহানগৰৰ মুখৰিত হল।”এয়াই ৰাইজৰ মৰম আৰু আশীৰ্বাদ।ইমান বিশাল সমাগম আৰু ৰাইজৰ আস্থাই প্ৰমানিত কৰে যে আকৌ এবাৰ….” এক বিশাল ৰোড-শ্ব’ত অংশ গ্ৰহণ কৰি যাত্ৰাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।তেওঁ পুনৰাই কয় যে ৰাইজৰ যি সঁহাৰি দেখিছো, ৯০ৰ পৰা ১০০ আসন লাভ কৰাতো নিশ্চিত।ডিব্ৰুগড় মহানগৰত এক শক্তিশালী ৰাজনৈতিক শক্তি প্ৰদৰ্শনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া চাহ নগৰী ডিব্ৰুগড়ক একপ্ৰকাৰ স্তব্ধ কৰি এক বিশাল ৰোড-শ্ব’ত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলীয় প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ সমৰ্থনত আয়োজিত এই কাৰ্যসূচীত গেৰুৱা পতাকা আৰু শ্লোগানেৰে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়, যিয়ে উজনি অসমত দলটোৰ নিৰ্বাচনী প্ৰচাৰক এক নতুনত্ব প্ৰদান কৰিছে।মহানগৰৰ এ.টি. ৰোডস্থিত ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ সমীপৰ পৰা এই ৰোড-শ্ব’ আৰম্ভ হয়। চাৰিবাৰৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ সৈতে এখন সুসজ্জিত বাহনত উঠি মুখ্যমন্ত্ৰীয়ে চহৰখনৰ মাজেৰে আগুৱাই যায়। ৰেড ক্ৰছ ৰোড, কে.চি. গগৈ ৰোড আৰু ব্যস্ত থানা চাৰিআলিৰ মাজেৰে যোৱা এই সমদলটো চাবলৈ আৰু মুখ্যমন্ত্ৰীগৰাকীক এপলক দেখা পাবলৈ ৰাজপথৰ দুয়োকাষে হাজাৰ হাজাৰ সমৰ্থক তথা স্থানীয় ৰাইজ উপস্থিত থাকে।আৰ.কে.বি. ৰোডত এই ৰোড-শ্ব’ৰ সমাপ্তি ঘটে আৰু সেই ঠাইত জনতাৰ উৎসাহ চৰম পৰ্যায়ত উপনীত হয়।
সমগ্ৰ পথছোৱাত মুখ্যমন্ত্ৰীক জনতাৰ ফালে হাত জোকাৰি অভিবাদন জনোৱা দেখা যায়। বহু ঠাইত তেওঁ গাড়ী ৰখাই উৎসাহী ৰাইজৰ পৰা ফুলাম গামোচা গ্ৰহণ কৰে।
নিৰ্বাচনী সমদলৰ মাজতে সংবাদ মাধ্যমৰ সৈতে চমুকৈ মত বিনিময় কৰি মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড় আৰু বিজেপিৰ মাজত থকা “অটুট সম্পৰ্ক”ৰ কথা দোহাৰে। প্ৰশান্ত ফুকনৰ কেইবা দশকজোৰা সেৱাই সমষ্টিটোলৈ পৰিৱৰ্তন অনা বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, “আজি ডিব্ৰুগড়ৰ ৰাজপথত যি জনসমুদ্ৰ মই প্ৰত্যক্ষ কৰিছো, সেয়া এই কথাৰ স্পষ্ট সংকেত যে উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব। আমাৰ চৰকাৰৰ দিনত অসমে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে আৰু ডিব্ৰুগড় এই যাত্ৰাৰ এক গৌৰৱোজ্জ্বল অংশীদাৰ হৈ আহিছে। ৰাইজৰ আশীৰ্বাদেৰে আমি এক ঐতিহাসিক বিজয়ৰ দিশে আগুৱাই গৈছো, যিয়ে নিশ্চিত কৰিব যে ডিব্ৰুগড়
অসমৰ বিকাশৰ কাহিনীত সদায় আগস্থানত থাকে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্বাচনক বিজেপি চৰকাৰৰ কাম-কাজৰ খতিয়ান হিচাপে অভিহিত কৰে। তেওঁ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত তেওঁৰ নেতৃত্বত চলি থকা ‘ডাবল ইঞ্জিন’ চৰকাৰৰ উন্নয়নমূলক এজেণ্ডাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই আকৰ্ষণীয় ৰোড-শ্ব’ই নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ডিব্ৰুগড়ত বিজেপিৰ প্ৰচাৰক এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উজনি অসমৰ অন্যতম অভেদ্য দুৰ্গ হিচাপে পৰিচিত এই আসনখনত নিজৰ দখল অধিক মজবুত কৰিবলৈ গেৰুৱা দলটোৱে এতিয়া সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে।

মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ বাবে কেচি গগৈ, আৰ কেবি ৰোড আৰু মানকটা পথটো যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। অন্যহাতে জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত ১ লাখ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ কথা ঘোষণা কৰে। তদুপৰি ৰাজ্যত ৮০-৯০ খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠনৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জন আশীৰ্বাদ যাত্রাত আনন্দ আৰু উৎসাহৰ সৈতে ডিব্ৰুগড়ত প্ৰশান্ত ফুকনক আশীৰ্বাদ জনালোঁ। প্ৰশান্ত ফুকনৰ নেতৃত্বত যোৱা পাঁচ বছৰে ডিব্ৰুগড়ত অভূতপূৰ্ব উন্নয়ন হৈছে। অহা পাঁচ বছৰত ডিব্ৰুগড়ক আমি আৰু অধিক বিকাশৰ পথলৈ নিম। ডিব্ৰুগড় সমষ্টিয়ে অসমৰ ভিতৰতে এটা জাকত-জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰ কৰিম। আপোনালোকৰ এই আশীৰ্বাদ আমি কেতিয়াও নাপাহৰো। অসমৰ কাৰণে দিনে-ৰাতিয়ে কাম কৰি আমি বিকাশৰ ধ্বজা উৰুৱাই এই কৃতজ্ঞতা আপোনালোকক যাচিম। অহা ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অসমৰ সুৰক্ষাৰ বাবে, অসমৰ বিকাশৰ বাবে আমি বিজেপি চৰকাৰ আকৌ এবাৰ গঠন কৰিব লাগিব। ৪ মে’ত নিৰ্বাচনী ফলাফলৰ পাছত ডিব্ৰুগড়ত পুনৰ বিশাল ৰোড শ্বো অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, কাইলৈ বিজেপিয়ে প্ৰকাশ কৰিব নিৰ্বাচনী ইস্তাহাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *