খোৱাং সমষ্টিৰ প্ৰথমখন বৰবৰুৱাৰ লেপেটকটা চাহ খেলপথাৰত মুখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা
শুভাৰম্ভ বিধায়ক চক্ৰধৰ গগৈৰ
চাইন অন ডেস্ক:
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু চাহ জনগোষ্ঠী আদিবাসী কল্যাণ বিভাগৰ সহযোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া বিভাগৰ তত্বাৱধানত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী -আদিবাসী ফুটবল টুৰ্ণামেণ্ট ২০২৫/২৬ ১৭বছৰৰ অনুৰ্ধ্ব মুখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা খন কালি খোৱাং সমষ্টিৰ প্ৰথম খন খেল বৰবৰুৱাৰ লেপেটকটা চাহবাগিচাৰ খেলপথাৰত অনুষ্ঠিত হয়।কালি বৰবৰুৱাৰ লেপেটকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আদিবাসী ফুটবল টুৰ্ণামেণ্ট মুখ্যমন্ত্ৰীকাপ ফুটবল প্ৰতিযোগিতা খন উদ্ধোধন কৰি খেল সমিতিৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সকলৰ যুৱক সকলক ক্ৰীড়া প্ৰতিভাৰ উত্তৰণৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠী আৰু আদিবাসী মুখ্যমন্ত্ৰী ফুটবল টুৰ্ণামেণ্টৰ জৰিয়তে ক্ৰীড়া প্ৰতিভাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছে আৰু ভৱিষ্যতৰ দিনত এনে প্ৰতিযোগিতাৰ যোগেদি ফুটবল খেলুৱৈ সকল সৃষ্টিৰ ক্ষেত্ৰত আশা সপোন প্ৰতিফলিত কৰিব বুলি 
মুঠ দহ ফুটবল দলে অংশগ্ৰহণ কৰা ফুটবল প্ৰতিযোগিতাৰ চেমি ফাইনেল খেলখনত বৰবৰুৱা চাহ বাগিচা বনাম লেপেটকটা চাহ বাগিচাৰ মাজত ট্ৰাইবেকাৰ জৰিয়তে ৫-৪গলত লেপেটকটা চাহ বাগিচা ফাইনেলত প্ৰৱেশ কৰে।অহা ১১ডিচেম্বৰত খোৱাং চাহ বাগিচাৰ খেল পথাৰত মুখ্যমন্ত্ৰী কাপ ফাইনেল খেল খন অনুষ্ঠিত হ’ব। খেলখনত কাৰ্যসূচী পৰিচালনা কৰে ক্ৰীড়া সংগঠক ৰাজেশ বদন নায়কে।