...

বিজনীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Spread the love

বিজনীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

 

বিজনী:

বিগত সময়ছোৱাত বিটিচিত বিপিএফ, ইউ পি পি এল দলে শাসন চলালে, এইবাৰ বিজেপিক শাসনত আনি চাওক ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিয়লি চিৰাং জিলাৰ বিজনী মহকুমাৰ আনন্দ বজাৰত বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত এনেদৰে কয় ৷ অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় সাধাৰণ নিৰ্বাচনৰ বাবে ১৮ নম্বৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সভাত অংশ গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অসম চৰকাৰে বিগত সময়ত মিছন বসুন্ধৰা আঁচনিৰ
জৰিয়তে ১৫ লাখ সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ সকলো মাটিৰ সমস্যা দূৰ কৰাৰ কথা ব্যক্ত কৰে ৷ অহা নৱেম্বৰ মাহত সমষ্টিটোৰ সকলো দুখীয়া মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে ৷ একেদৰে সমষ্টিটোৰ কেবাঠাইত মৌলিক সমস্যা দূৰ কৰাৰ কথা প্ৰকাশ কৰে ৷ বড়ো বজাৰত এখন স্নাতক মহাবিদ্যালয় স্থাপন কৰিব বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা বিটিচিলৈ অহা ধন ভিচিডিচি সমূহৰ জৰিয়তে লুন্ঠন হোৱা বুলি অভিযোগ তুলি তেওঁ আগন্তুক দিনত এই ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰি সকলো জনগণৰ সমস্যা সমাধান কৰা হ’ব বুলিও প্ৰকাশ কৰে ৷
তেওঁ মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷
নিৰ্বাচনী সভাত দসীয় প্ৰাৰ্থী সুভাষ বসুমতাৰী, মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ এছ চি মৰ্চাৰ সভাপতি নবাৰুণ মেধি, চিকাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জলকান্তি ৰয়ে ভাষণ প্ৰদান কৰে ৷ সভাত কে’বা হেজাৰ দলীয় কৰ্মী- সমৰ্থকে অংশগ্ৰহণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *