...

ডিব্ৰুগড়ত কেবিনেটৰ সিদ্ধান্ত ৩,০০০ যুৱক-যুৱতীক জাপানী ভাষাৰ প্ৰশিক্ষণ দি জাপানত চাকৰিৰ ব্যৱস্থা

Spread the love

 

 

ডিব্ৰুগড়ত কেবিনেটৰ সিদ্ধান্ত

 

৩,০০০ যুৱক-যুৱতীক জাপানী ভাষাৰ প্ৰশিক্ষণ দি জাপানত চাকৰিৰ ব্যৱস্থা

 

চাইন অন ডেস্ক:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ সচিবালয়ত অনুষ্ঠিত এক সংবাদ মেলত ঘোষণা কৰে যে ৰাজ্যৰ ৩,০০০ যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীৰ এফএলআইজিএইচটি (CM FLIGHT—Foreign Language Initiative for Global Human Talent) প্ৰকল্পৰ অধীনত জাপানী ভাষাৰ প্ৰশিক্ষণ লাভ কৰিব আৰু তেওঁলোকক জাপানত চাকৰিৰ নিশ্চয়তা দিয়া হ’ব।

গুৱাহাটীত অনুষ্ঠিত সম্প্ৰতিৰ “এডভান্টেজ অসম ২.০” শীৰ্ষক সন্মিলনত তিনিটা জাপানী কোম্পানী—এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচেক্স ভেঞ্চাৰ্ছ লিমিটেড, আৰু মেইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড—ৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছত এই উদ্যোগ গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত এখকেবিনেটৰ বৈঠকৰ পিছত সাংবাদিকক সম্বোধন কৰি শৰ্মাই কয়, “এডভান্টেজ অসম সন্মিলনত তিনিটা জাপানী কোম্পানীয়ে অসমলৈ আহি আমাৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াত আগ্ৰহ প্ৰকাশ কৰিছিল। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জাপানী ভাষাৰ কোচৰ মুঠ খৰচ প্ৰায় ৩-৪ লাখ টকা হ’ব। ৰাজ্যই ১.৫ লাখ টকাৰ বৃত্তি প্ৰদান কৰিব, আৰু বাকী টকা স্ব-অৰ্থায়ন বা বেংক ঋণৰ জৰিয়তে পূৰণ কৰিব পৰা যাব।” তেওঁ কয় যে সফল প্ৰাৰ্থীসকলে জাপানত প্ৰতিমাহে ২-২.৫ লাখ টকা দৰমহা বা ভাৰতৰ ভিতৰত থকা জাপানী কোম্পানীবোৰত কাম কৰাৰ সুযোগ পাব।

“জাপানত চাকৰি পোৱাৰ পিছত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষাৰ্থীসকলে গড়ে প্ৰতিমাহে ২-২.৫ লাখ টকা (ভাৰতীয় টকাত) উপাৰ্জন কৰিব পাৰিব। যিসকলে জাপানত কাম কৰিব নিবিচাৰে, তেওঁলোকে ভাৰতৰ জাপানী কোম্পানীবোৰত কাম কৰিব পাৰে,” ড° শৰ্মাই কয়।

প্ৰাৰম্ভিক প্ৰশিক্ষণ তিনিটা কোচৰ ওপৰত কেন্দ্ৰিত হ’ব—ড্ৰাইভিং, আইটি, আৰু নাৰ্ছিং—যি অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব। “যদি চাহিদা বৃদ্ধি পায়, আমি অধিক খণ্ডলৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ,” শৰ্মাই উল্লেখ কৰি কয় যে দীৰ্ঘম্যাদী ভিত্তিত জাপানে প্ৰায় ২৫,০০০ অসমীয়া যুৱক-যুৱতীক নিয়োগ কৰিবলৈ আগ্ৰহী হৈছে।এই প্ৰকল্পৰ লক্ষ্য হৈছে অসমৰ যুৱক-যুৱতীৰ বাবে গোলকীয় চাকৰিৰ সুযোগ বৃদ্ধি কৰাৰ লগতে জাপানৰ কাৰ্য্যবাহী শক্তিৰ চাহিদা পূৰণ কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *