Skip to content সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ প্রেছ বিবৃতিৰ স্পষ্টিকৰণ
শতফুল সমবায় সমিতিত জিতেন দত্ত জৰিত নহয়!
সধাৰন সদস্য পদটো নাই আৰু কোনো ধৰনৰ অংশীদাৰো নাই
চাইন অন ডেস্ক:
অৱশেষত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ দিয়া প্রেছ বিবৃতিৰ ওপৰত স্পষ্টিকৰণ দিলে শদিয়াৰ শতফুল কৃষি ও বানিজ্যিক সমবায় সমিতিয়ে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক স্পষ্টিকৰণত কোৱা হৈছে যে যোৱা ২৩ আগষ্ট ২০২৫ তাৰিখে সংযুক্ত মুক্তি বাহিনী, অসন (স্বাধীন) য়ে দিয়া এটি প্রেছ বিবৃতি আমাৰ দৃষ্টি গোচৰ হৈছে।
আমি থলগিৰী অসমীয়া কৃষক নিবনুৱা সমস্যাত জর্জড়িত জীৱন জীৱিকাত স্ব-নির্ভশীল হব পৰাকৈ, পথাৰ আমাৰ বজাৰ আমাৰ উদ্দেশ্য ৰাখি ২০১৭ চনতে শদিয়া মহকুমা অঞ্চল সামৰি নিৱনুৱা যুৱক যুৱতী সকলক লৈ শতফুল কৃষি ও বাণিজ্যিক সমবায় সমিতি নামেৰে এখনি বহু মুখী সমবায় সমিতি গঠন কৰি চৰকাৰী ভাৱে পঞ্জীয়ন কৰি শদিয়া মহকুমা বিভিন্ন স্থানৰ লগতে বর্তমান শিলাগুৰী চাপৰিত বহুমুখী কৃষি কৰ্মৰ জৰিয়তে অর্থনীতি ভেতি সুদৃঢ় পৰিকল্পনাৰে স্বাৱলম্বী হোৱা পথ প্রশষ্ট কৰিছো।
প্ৰকৃততে আমাৰ কোনো জাতীয় সংগঠনৰ ক্ষতি কৰাৰ চক্রান্ত বা কু অভিপ্রায় নাই মাথো আমি থলগিৰী কৃষক নিবনুৱা সকলৰ সমস্যাত জর্জড়িত জীৱন জীৱিকা সংগ্ৰামত স্বনির্ভশিল হব পৰাকৈ শিলাগুৰী কৃষি ক্ষেত্ৰখন নিদর্শনমূলক কর্মসংস্কৃতি আৰু উৎপাদনশীলতা বৃদ্ধিৰ হকে আঁচনিখন সফল হবলৈ আমি সংগঠিত হৈ কর্মত জপিয়াই পৰিছো। শদিয়া মহকুমা লগতে সমগ্র ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ একালৰ সংগ্ৰামী সতীর্থ লগতে গাওঁৰ কিছু শিক্ষিত কৃষি উদ্দ্যমী যুৱক-যুৱতী আমাৰ সতে সহযোগীতা আগবঢ়াই আহিছে। তাৰে এজন অনুৰাগী হিচাপে জিতেন দত্ত।
আলফা স্বাধীনৰ প্ৰেছ বিবৃতিত উল্লেখিত শিলাগুৰী শতফুল কৃষি কর্মত জড়িত বিষয়তো শতফুল সমিতিয়ে স্পষ্টিকৰন দিব বিছাৰিছোঁ যে শতফুল সমবায় সমিতি খনত সধাৰন সদস্য পদটো নাই আৰু শতফুল শিলাগুৰী কৃষি খেত্ৰখনত কোনো ধৰনৰ অংশীদাৰ নাই। সমবায় সমিতি খনৰ কৃষি কর্মক ভাল পাই কিছু পৰামর্শ আৰু ক্ষনিক সাহায্য প্রদান কৰিছিল।
পদ্মেশ্বৰ মৰাণ শতফুল সমবায় সমিতিখনৰ বৰ্তমান এজন কাৰ্য্যকৰি সদস্য। আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত এখন আদর্শ সবল সমাজ প্রতিষ্ঠাৰ সপোন আগত ৰাখি কৰ্মসমপাদন কৰি আছো। আজি আলফা স্বাধীনেৰ প্ৰেছ বিবৃতিৰ ভুল বার্তাই আমাক শংকিত কৰিছে। আমি কোনো ব্যক্তি প্ৰতিষ্ঠানৰ কু-অভিসন্ধি ষড়যন্ত্ৰত ভৰি দিয়া নাই আৰু ভবিষ্যতে তেনে কর্মত শতফুলে নাথাকে সেইটো স্পষ্ট বুলি শেষত পুনৰ সংগ্ৰামী শুভেচ্ছা জনাই সভাপতি ৰাজেশ কুমাৰ গগৈ আৰু সম্পাদক দেৱজীত ফুকনে জানিব দিয়ে।