...

মিছামাৰীত পবিত্ৰ বৰদিনক উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি

Spread the love

 

মিছামাৰীত পবিত্ৰ বৰদিনক উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি

 

যীশুখ্ৰীষ্ট জন্ম দিনটোক আদৰিবলৈ গীৰ্জা ঘৰ সমুহক ৰং, ফুল,পোহৰৰে সজ্জিত

 

মিছামাৰী:

পঁচিশ ডিচেম্বৰ খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ কাৰণে পবিত্ৰ দিন ৷ কাৰণ এই দিনটোতে পাপীক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট জন্ম লৈছিল ৷ বিশ্বৰ প্ৰান্তেপ্ৰান্তে যীশুখ্ৰীষ্টৰ পবিত্ৰ জন্ম দিনটোক উলহ মালহেৰে উদযাপন কৰাৰ দৰে ভাৰত তথা অসমতো এই দিনটোক ধুমধামেৰে উদযাপন কৰা হয় ৷ বিগত বছৰৰ দৰে এইবাৰো পবিত্ৰ পঁচিশ ডিচেম্বৰ দিনটোক আদৰিবলৈ যোৱা এক ডিচেম্বৰৰ পৰাই গীৰ্জা ঘৰ সমুহৰ উপৰি ঘৰেঘৰে ৰঙ বিৰঙৰ আলোকৰ ব্যৱস্থা কৰা, গীৰ্জাঘৰ সমুহক চূণতেল সানি নতুনত্ব কৰাৰ লগতে ৰঙ বিৰঙৰ ফুলেৰে সজাই পৰাই তোলা, খ্ৰীষ্টান যুৱক যুৱতী, ল’ৰা-ছোৱালী বোৰে গীৰ্জাত যীশুখ্ৰীষ্টৰ জন্ম দিন ২৫ ডিচেম্বৰত গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ কাৰণে ধৰ্মীয় সমুহীয়া গীত নৃত্য চৰ্চা কৰাৰ লগতে সেইদিনা গ্ৰহণ কৰিবলগীয়া অন্যান্য কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ৷ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ গীৰ্জাঘৰ সমুহ ইতিমধ্যে আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে ৷ অঞ্চলটোৰ ধানমৰা, গৰুবন্ধা, ধনখনা, বেঙেনাজুলি, দীঘলজুলি, ৰিকামাৰী, নগাপথাৰ, বান্দৰহাগী পথাৰ বেলশিৰি বাগিছা, পাকুৰীগুৰি, মেজেংজুলি, গড়মৰা, তৰাজান আদি গাঁৱত অৱস্থিত ৰোমান কেথলিক, চি এন আই, জি ই এল, ব্যপ্তিষ্ট আদিৰ গীৰ্জাঘৰ সমুহত আজি নিশা প্ৰাৰ্থনা, গীত নৃত্য আদি অনুষ্ঠিত হ’ব আৰু দুপৰ নিশা যীশুখ্ৰীষ্টৰ জন্মৰ সময় আহি পোৱাৰ লগেলগে পুনৰ প্ৰাৰ্থনা অনুষ্ঠিত হ’ব আৰু ইয়াৰ পাছতে সকলো ঘৰাঘৰি হ’ব ৷ পাছৰ দিনা তথা কালি ২৫ তাৰিখে ধনী দুখীয়া সকলোৱে নতুন বস্ত্ৰ পৰিধান কৰি গীৰ্জালৈ যাব আৰু সমুহীয়া প্ৰাৰ্থনাৰ পাছতে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে ধৰ্মী গীত নৃত্যৰ উপৰি বিভিন্ন গীত নৃত্য কৰি ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ জন্ম দিনটোক ৰং ৰইছৰ মাজেৰে উদযাপন কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *