...

ডিব্ৰুগড় জিলাত কলেৰাৰ প্ৰাদুৰ্ভাৱ

Spread the love

ডিব্ৰুগড় জিলাত কলেৰাৰ প্ৰাদুৰ্ভাৱ

আক্ৰান্ত অঞ্চলত স্বাস্থ্য বিভাগৰ সতৰ্কতা

২৯ গৰাকী চিকিৎসাধীন ৰোগীৰ ৫ মৃত্যু

চাইন অন ডেস্ক: 

ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কলেৰা সংক্ৰমণ ৰোগে।
ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত কলেৰাৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰাই।
ডাঃ বৰাই জনোৱা মতে, চাবুৱাৰ অন্তৰ্গত দিনজয় চাহ বাগিচাৰ পাকা লাইনৰ পৰা আৰু দুলীয়াজানৰ সমীপৰ গাজলবষ্টিৰ পৰা কলেৰা আক্ৰান্তৰ তথ্য পোৱা গৈছে। এই পৰ্যন্ত চাবুৱা আদৰ্শ চিকিৎসালয়ত ১০ জন আৰু টেঙাখাত আদৰ্শ চিকিৎসালয়ত ১৯ জন ৰোগী ভৰ্তি হোৱাৰ বিপৰীতে ৫ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

পৰীক্ষাগাৰৰ পৰীক্ষাত পাকা লাইনৰ টিউবৱেলত বেক্টেৰিয়াৰ অধিক দূষণ হোৱাটো নিশ্চিত কৰা হৈছে, যিবোৰ তাৰ পিছৰ পৰা বন্ধ কৰি দিয়া হৈছে। অঞ্চলটোকো কোৱাৰেণ্টাইনত ঘোষণা কৰা হৈছে।

পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে জিলাখনৰ আক্ৰান্ত অঞ্চলসমূহত সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আই ডি এছ পি)ৰ জৰিয়তে এক সতৰ্কবাণী জাৰি কৰাৰ বিপৰীতে কঠোৰ চোৱাচিতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য দল নিয়োগ কৰা হৈছে। ক্ষতিগ্ৰস্ত দুয়োটা অঞ্চলতে মাইকিং আৰু আন্তঃব্যক্তিগত যোগাযোগ (আই পি চি)ৰ জৰিয়তে সজাগতা অভিযানকে ধৰি নিবিড় তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *