...

ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা চীনৰ!

Spread the love

ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা চীনৰ!

সম্পৰ্ক ৰক্ষা কৰাই অপৰাধ ?

অতিৰিক্ত শুল্কই নহয়, চীনক ভাতেমৰাৰ পৰিকল্পনা মার্কিন প্রশাসনৰ !

 

বাম্বিংটন:

ভাৰতক অত্যধিক শুল্কৰে দমন কৰাৰ ষড়যন্ত্ৰ কৰা আমেৰিকাৰ ৰোষত এইবাৰ পৰিছে চীন। ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবেই চীনৰ বিৰুদ্ধে বিতুষ্ট হৈছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ এক মন্তব্যত এই ইংগিত পোৱা গৈছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাতত উপ-ৰাষ্ট্ৰপতি ভালে ভাৰতৰ দৰেই চীনে শাস্তি ভোগ কৰিব লাগিব বুলি সকীয়নি দিছে। তেওঁ অৱশ্যে চীনৰ
ক্ষেত্রত ল’বলগীয়া সিদ্ধান্তত কেতবোৰ জটিলতা থকা বুলিও উনুকিয়াইছে। কিয়নো ৰাছিয়াৰ পৰা চীনে তেল ক্ৰয় কৰিলেও দেশখনৰ সৈতে বিশেষ সু-সম্পর্ক নাই চীনৰ।
কিন্তু ২০২৪ চনৰ পিছত চলিত বৰ্ষৰ জুলাই মাহত চীনে ৰাছিয়াৰ পৰা ১০ মিলিয়ন মার্কিন ডলাৰ মূল্যৰ খাৰুৱা তেল ক্ৰয় কৰিছে। ইয়াতে ক্ষুণ্ণ হৈ ট্রাম্প প্রশাসনে চীনৰ ক্ষেত্রতো প্রতিবন্ধকতা আৰোপ কৰাৰ প্রস্তুতি চলাইছে।
মার্কিন প্রশাসনে কেৱল শুল্কই নহয়, চীনক ভাতেমৰাৰো সকীয়নি দিছে। যিহেতু আমেৰিকাত সর্বাধিক সৰিয়হ উৎপাদন হয়, সেই হিচাপে চীনে আমেৰিকাৰ পৰা চাৰিগুণৰো অধিক সৰিয়হৰ আমদানি কৰে। ট্রাম্প প্রশাসনে সৰিয়হৰ ৰপ্তানিৰ সময়তে চীনক এসেকা দিব বুলি জে ডি ভান্সৰ মন্তব্যত প্রকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *