Skip to content শৈশৱৰ পৰা শেষ বিদায়লৈ !
বৰমাত শাৰদীয় দুৰ্গোৎসৱত স্মৰণ কৰা হ’ল হাৰ্টথ্ৰৱ জুবিনক
বৰমা:
এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ।কিন্তু শাৰদীয় দুৰ্গোৎ সৱত এইবেলি নাই উৎসাহ – উদ্দীপনা । জনতাৰ শিল্পী জুৱিন গাৰ্গৰ আকস্মিক বিয়োগত মৃয়মান প্ৰতিজন ব্যক্তি । মৰমৰ শিল্পীগৰাকীৰ মৃত্যুই যেন সকলোকে ব্যথিত কৰিছে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগে অসমৰ সমাজ-সংস্কৃতিৰ পৰিৱেশক অতি গভীৰভাবে আঘাত দিছে। শিল্পীগৰাকীৰ অনুপস্থিতিৰ বেদনাই প্ৰতিজন গান ভালপোৱা, প্ৰতিজন জুবিন অনুৰাগী আৰু অসমবাসীক যেন স্তব্ধ কৰি ৰাখিছে। যাৰ বাবে এইবাৰ বাক্সাৰ পূজা সমিতিসমুহে সাধাৰনভাৱে মাংগলিক কাৰ্যক্ৰমণিকাৰে আয়োজন কৰিছে পূজাৰ । তাৰ মাজতেই ৯২ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱে লৈছে বিশেষ পদক্ষেপ । বৰমাৰ মৰাপাগলদিয়া নৈৰ পাৰত আটকধুনীয়াকৈ প্ৰিয় শিল্পীগৰাকীৰ বাবে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰাৰ লগতে জুবিন গাৰ্গৰ বিভিন্ন বিশেষ মুহুৰ্তৰ ফটো প্ৰদৰ্শন কৰা হয় । এই ফটো গেলাৰীত জুবিন গাৰ্গৰ শৈশৱৰ পৰা শেষ বিদায়লৈ বিশেষ বিশেষ মুুহুৰ্তৰ ফটো সংগ্ৰহ কৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয় । এই স্থানতেই পূজালৈ বুলি অহা শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে প্ৰিয় শিল্পীগৰাকীক এপাহ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায় । উল্লেখ্য যে ২৮ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি থকা বৰমা বাৰোৱাৰী দুৰ্গাপুজা মহোৎসৱত ইতিমধ্যেই প্ৰায়বোৰ মনোৰঞ্জনধৰ্মী আৰু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিত্বত শ্ৰদ্ধা জনায় বৰমা বাৰোৱাৰী দুৰ্গা পূজাই মনোৰঞ্জনধৰ্মী কাৰ্যসুচী, নৃত্য প্ৰতিযোগিতা, দশমীৰ দিনা সাংস্কৃতিক সন্ধিয়া, ৰাবনদাহ কাৰ্যসুচী আৰু আতজবাজী প্ৰদৰ্শন বাতিল কৰা হৈছে। উল্লেখ্য যে প্ৰতিবছৰে বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱৰ ৰাৱণ দাহন কাৰ্যসূচীত কেইবা সহস্ৰাধিক ৰাইজৰ সমাগম পৰিলক্ষিত হয়।