মুখ্যমন্ত্ৰী ভিজিলেন্সৰ বৃহত অভিযান
কাছাৰৰ উধাৰবন্দ ব্লক শিক্ষা বিষয়া মাধৱ সাহাক গ্ৰেপ্তাৰ
উৎকোচ লোৱাত গ্ৰপ্তাৰ
শিলচৰ:
কাছাৰ জিলাৰ উধাৰবন্দ ব্লক শিক্ষা বিষয়া (বিইইঅ’) মাধৱ সাহাক উৎকোচ লোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী ভিজিলেন্সে ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে।
মঙলবাৰে সন্ধিয়া বিইইঅ’মাধৱ সাহাই ৭ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলে আটক কৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে, এল পিৰ পৰা হাইস্কুললৈ এগৰাকী শিক্ষকৰ পদোন্নতিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ বিদ্যালয় কৰ্তৃপক্ষক যোগান ধৰিবলৈ ব্লক অফিচৰ পৰা প্ৰায় দুমাহ সময় লাগিব বুলি কৈছিল। এই সময়ছোৱাত শিক্ষকজনৰ দৰমহা বন্ধ নহ’ব বুলি আশ্বাস দিয়াৰ বিনিময়ত মাধৱ সাহাই প্ৰথমে দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল। পিছত আলোচনাৰ অন্তত তেওঁ ৭ হাজাৰ টকা দিবলৈ সন্মত হয়।
পৰিকল্পনা অনুসৰি মঙলবাৰে সন্ধিয়া শিক্ষকজনে ধন দিবলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলটোৱে উৎকোচৰ ধন লৈ থকা অৱস্থাত ৰঙা হাতেৰে মাধৱ সাহাক গ্ৰেপ্তাৰ কৰে।
শেহতীয়া খবৰ অনুসৰি ঘটনাৰ তদন্ত অব্যাহত আছে আৰু সমগ্ৰ বিষয়টো সংশ্লিষ্ট বিভাগে চোৱাচিতা কৰি আছে।

