...

জকাইত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ

Spread the love

জকাইত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ

 

বিধায়ক চক্ৰধৰ গগৈয়ে বিতৰণ কৰে চেক

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত জকাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত ওলোম চেঙামাৰী আৰু জকাই বৰবিলত জকাই অঞ্চলৰ এঘাৰটা নামঘৰ, মন্দিৰ তথা থান ঘৰৰ চেক বিতৰণ প্ৰদান অনুষ্ঠান যোৱা ৮মাৰ্চত হৈ যায়।এই উপলক্ষে জকাই চেঙামাৰী নামঘৰৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত অসম চৰকাৰৰ ২০২৫-২৬বৰ্ষৰ অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰি নৱগঠিত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে বৰ্তমানৰ অসমৰ বি জে পি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ নামঘৰ, মন্দিৰ আৰু থান ঘৰৰ আন্তঃগাথঁনিৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে বুলি নিজৰ ভাষণত উল্লেখ কৰি কয় অসমৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশ তথা উন্নয়নৰ দিশত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠান সমূহৰ উন্নয়নৰ যোগেদি গাঁৱৰ জনসাধাৰণক আধ্যাত্মিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি বক্তব্য আগবঢ়ায়।বি জে পি বৰবৰুৱা মণ্ডলৰ সদস্য জয়ন্ত কলিতাই আতঁধৰা অনুষ্ঠানটোত বি জে পি অসম ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য নবীন মিলি,বি জে পি বৰবৰুৱা মণ্ডলৰ সভাপতি সীমান্ত গগৈ জকাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী দীপশিখা সোণোৱাল, বি জে পি বৰবৰুৱা মণ্ডলৰ জনজাতি মৰ্চাৰ সভাপতি পদ্মধৰ সোণোৱাল প্ৰমুখ্যে বি জে পি ওলোম চেঙামাৰী বুথ সমিতি কে ধৰি কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ ২০২৫-২৬বৰ্ষৰ এঘাৰটা নামঘৰ মন্দিৰ, আৰু থান ঘৰৰ বাবে অনুমোদিত আঁচনিত চেক সমূহ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *