আই তোমাক কিহৰে পূজিম?
আই আই এছ চিৰ চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক ড° জি মাধৱী লাথাই
এগৰাকী ভাৰতীয় মহিলা!যি ইতিহাস ৰচিলে,অসাধ্যক বাস্তৱত পৰিণত কৰিলে
চাইন অন ডেস্ক:
এগৰাকী ভাৰতীয় মহিলা!যি ইতিহাস ৰচিলে,অসাধ্যক বাস্তৱত পৰিণত কৰিলে।সেই গৰাকী মহিলা আমাৰ ফালৰ পৰাও অলেখ,অযুত অভিনন্দন জ্ঞাপন কৰিলো।
বিশ্বৰ আটাইতকৈ ওখ চেনাব(জম্মু-কাশ্মীৰ)দলঙৰ আঁৰত আছিল বেংগালুৰুৰ এগৰাকী অধ্যাপিকা।অধ্যাপিকাগৰাকীয়ে তেওঁক ‘অপ্ৰয়োজনীয়ভাৱে বিখ্যাত’ নকৰিবলৈ আহ্বান জনাইছে।বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি)ৰ চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক ড° জি মাধৱী লাথাই ১৭ বছৰ ধৰি এই প্ৰকল্পত কাম কৰি আহিছে।
এগৰাকী ভাৰতীয় মহিলা!যি ইতিহাস ৰচিলে,অসাধ্যক বাস্তৱত পৰিণত কৰিলে।সেই গৰাকী মহিলা আমাৰ ফালৰ পৰাও অলেখ,অযুত অভিনন্দন জ্ঞাপন কৰিলো।
বিশ্বৰ আটাইতকৈ ওখ ৰে’লৱে তোৰণ(দলং) হিচাপে অভিহিত জম্মু-কাশ্মীৰৰ চেনাব দলংখন শেহতীয়াকৈ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।ইয়াৰ পিছতে এই আইকনিক গাঁথনিৰ আঁৰৰ অন্যতম বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ (আই আই এছ চি) ড° জি মাধৱী লাথাই ব্যাপক চৰ্চা লাভ কৰিলে। এই অভিযান্ত্ৰিক বিশেষজ্ঞজনে দলংখনৰ ডিজাইন আৰু নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ইফালে ছ’চিয়েল মিডিয়াই অধ্যাপিকা গৰাকীক অভিনন্দন জনোৱা আৰু কৃতিত্বৰ কথা কোৱা বন্ধ কৰিব নোৱাৰিলে। কিন্তু অভিযন্তাগৰাকীয়ে তেওঁৰ ইণ্টাৰনেট খ্যাতিৰ বিষয়ে লিংকডইন পোষ্টত তেওঁৰ মৌনতা ভংগ কৰি সকলোকে তেওঁক “অপ্ৰয়োজনীয়ভাৱে বিখ্যাত” কৰা বন্ধ কৰিবলৈ আহ্বান জনাইছে।
পুনৰ লগতে কয় যে হাজাৰ হাজাৰ লোকে এই আইকনিক গঠনটো নিৰ্মাণ কৰাত “উল্লেখযোগ্যভাৱে অৰিহণা যোগাইছে”। আৰু কয়, “আজি লাখ লাখ নায়ক আছে যাক মই প্ৰণাম জনাইছো,” আৰু প্ৰকল্পটোত তেওঁৰ ভূমিকা চমুকৈ বুজাই দিলে।