চাংলাং জিলাৰ নামচিক নামফুক কেন্দ্ৰীয় কয়লা ব্লক কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কৰে আধাৰশিলা
ভাৰত কয়লাৰ মজুত থকা বিশ্বৰ পঞম ৰাষ্ট্ৰ
মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, লোকসভাৰ সাংসদ টাপিৰ গাও উপস্থিত
চাইন অন ডেস্ক:
অৰুণাচলৰ অৰ্থনৈতিক আৰু উদ্যোগিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ উন্নয়নৰ চিন স্বৰূপে কেন্দ্ৰীয় কয়লা, আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কালি ৰাজ্যখনৰ চাংলাং জিলাৰ নামচিক নামফুক কেন্দ্ৰীয় কয়লা ব্লকৰ আধাৰশিলা (ভূমি পূজন) স্থাপন কৰে। এই পদক্ষেপে দশক দশক ধৰি চলি অহা অনিয়ন্ত্ৰিত নিষ্কাশন আৰু সম্পদৰ অপচয়ৰ অন্ত পেলোৱাৰ লগতে বৃদ্ধি, নিয়োগ আৰু শক্তি সুৰক্ষাৰ নতুন যুগৰ সূচনা কৰিব বিচাৰিছে। এই ঐতিহাসিক অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণক অভিনন্দন জনাই ৰেড্ডীয়ে কয় যে দেশৰ ৭৪ শতাংশ শক্তি কয়লাৰ জৰিয়তে উৎপাদিত হয় আৰু এই কাৰণেই চৰকাৰে নিজৰ হাতত থকা মজুতৰ পৰা কয়লা বিজ্ঞানসন্মতভাৱে উলিওৱাত মনোনিৱেশ কৰিছে। ভাৰত কয়লাৰ মজুত থকা ৫ম ৰাষ্ট্ৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দেশখনে যোৱা বছৰ ১ বিলিয়ন টন কয়লা উৎপাদন কৰিবলৈ সক্ষম হৈছিল যিটো নিজৰ বাবে এক বৃহৎ সফলতা। আধাৰশিলা স্থাপনৰ অন্তত খাৰছাঙৰ সমীপৰ লমটম গাঁৱত সভাত ভাষণ দি ৰেড্ডীয়ে ৰাইজক অপাৰেটৰ কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায় যাতে তেওঁলোকে কোনো বাধা নোহোৱাকৈ নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। লগতে জিলা খনিজ পুঁজি (ডি এম এফ)ৰ অধীনত স্থানীয় জনসাধাৰণক সকলো ধৰণৰ সুবিধাৰ আশ্বাস দিয়ে যিটো জিলাখনৰ উপ আয়ুক্তৰ হাতত থাকিব। উল্লেখ কৰিব পাৰি যে নামচিক–নামফুক কয়লা ব্লক হৈছে ৰাজ্যখনৰ প্ৰথমটো বাণিজ্যিক কয়লা খনি।
লগতে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে খনন পট্টা পৰিচালনা কোম্পানীটোক অৰ্পণ কৰে। আনুমানিক ১.৫ কোটি টন মজুত থকা নামচিক–নামফুক ব্লকটো প্ৰথমে ২০০৩ চনত আবণ্টন দিয়া হৈছিল যদিও প্ৰশাসনিক, পৰিৱেশ, আৰু লজিষ্টিক বাধাৰ বাবে স্থবিৰ হৈ আছিল। ২০২২ চনৰ নিলামৰ জৰিয়তে পুনৰুজ্জীৱিত হোৱা এইটোৱে এতিয়া অৰুণাচলৰ কয়লা উদ্যোগত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰিছে।
মন্ত্ৰালয়ৰ মতে, এই প্ৰকল্পটোৱে ৰাজ্য চৰকাৰৰ বাবে বাৰ্ষিক ১০০ কোটিতকৈ অধিক ৰাজহ আহৰণ কৰাৰ প্ৰকল্প কৰা হৈছে, যাৰ ফলত ইয়াৰ বিত্তীয় সম্পদ আৰু উন্নয়ন ক্ষমতা যথেষ্ট বৃদ্ধি পাব।
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জটিল খনিজ ব্লকসমূহৰ অন্বেষণ আৰু নিলাম চলি থকা বুলিও মন্ত্ৰালয়ে আলোকপাত কৰে। অৰুণাচল প্ৰদেশৰ দুটা আৰু অসমৰ পাঁচটা খনিজ ব্লক ইতিমধ্যে নিলাম প্ৰক্ৰিয়াৰ অধীনত আছে, যিটো ভাৰতৰ অত্যাৱশ্যকীয় সম্পদ সুৰক্ষিত আৰু উদ্যোগিক স্বাৱলম্বীতাক প্ৰসাৰিত কৰাৰ বহল কৌশলৰ অংশ।
বিষয়াসকলে লগতে কয় যে এই খনিসমূহৰ আগতীয়া কাৰ্যক্ষমতাই অঞ্চলটোৰ ঔদ্যোগিক ভিত্তি বৃদ্ধি কৰিব, চাকৰিৰ সৃষ্টি কৰিব, আৰু খনি যোগান শৃংখলৰ সৈতে জড়িত স্থানীয় সম্প্ৰদায় আৰু ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰিব।
কাৰ্যসূচীৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চোৱা মেইন, লোকসভাৰ সাংসদ টাপিৰ গাও, ৰাজ্যৰ বন, ভূতত্ত্ব আৰু খনি মন্ত্ৰী ৱাংকি লোৱাংকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।