...

চন্দ্ৰপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

চন্দ্ৰপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

অসম কেশৰীক স্মৰণঃ শিৱ চৰণ বৈশ্যৰ গ্ৰন্থ ‘স্মৃতি মন্থন’ উন্মোচন

গুৱাহাটীঃ চন্দ্ৰপুৰ সাহিত্য সভাৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৫৮ সংখ্যক স্মৃতি দিৱসটি চন্দ্ৰপুৰত আজি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নিৰ্দিষ্ট কাৰ্য্যসূচী অনুসৰি চন্দ্ৰপুৰ সাহিত্য সভাৰ সভাপতি হিৰণ্য কুমাৰ ডেকাই পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।তাৰ পিছতে অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হৰেশ্বৰ ডেকাই।দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত গজেন ছেত্ৰী আৰু প্ৰসন্ন দৈমাৰী সোঁৱৰণী লোকগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠান উদ্বোধন কৰে চন্দ্ৰপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিকান্ত সাউদে।বিয়লি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনৰ পৌৰোহিত্যত অম্বিকাগিৰী ৰায়চৌধুৰীৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা।ভাষণত তেওঁ অসমীয়া ভাষা ৰক্ষা আৰু উন্নতিৰ বাবে অসম কেশৰীয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে।

এই সভাতে আনকি পানবাৰী নিৱাসী শিলচৰত বৈশ্যৰ “স্মৃতি মন্থন” নামৰ গ্ৰন্থখন উন্মোচন কৰে প্ৰাক্তন সভাপতি গৰাকীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ধীৰাজ দাস।চিৰ চেনেহী মোৰ জননী গীতেৰে আৰম্ভ হোৱা স্মৃতি চাৰণ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, কেন্দ্ৰীয় সমিতিৰ যুৱ সংসদৰ আহ্বায়ক গৌতম গগৈৰ উপৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *