চাবুৱাৰ বায়ুসেনাত চলিছে থলুৱা বিৰোধী নীতি!
খিলঞ্জীয়াক কৰ্মৰ পৰা অব্যাহতি, বহিৰাগত কৰ্মচাৰী নিয়োজিত
মিলিটেৰী ইঞ্জিনীয়াৰিং চাৰ্ভিছৰ লালুৱাৰী কনষ্ট্ৰাকছন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ
চাইন অন ডেস্ক:
যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰে অসমৰ থলুৱা নিবনুৱা যুৱক-যুৱতী সকলক কৰ্মসংস্থাপনৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে, সেই সময়তেই চাবুৱাৰ বায়ুসেনাত চলিছে থলুৱা বিৰোধী নীতি। খিলঞ্জীয়া অসমীয়া কৰ্মচাৰীক
কৰ্মৰ পৰা অব্যাহতি দি বহিৰাগত কৰ্মচাৰী নিয়োজিত কৰিব বিচাৰিছে বায়ু সেনাৰ মিলিটেৰী ইঞ্জিনীয়াৰিং চাৰ্ভিছৰ বাবে। এই সন্দৰ্ভত চাবুৱাৰ বায়ু সেনাৰ মিলিটেৰী ইঞ্জিনীয়াৰিং চাৰ্ভিছৰ লালুৱাৰী কনষ্ট্ৰাকছন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
উল্লেখ্য যে, যোৱা ২০০৫ চনৰ পৰা চাবুৱাৰ বায়ু সেনাত মিলিটেৰী ইঞ্জিনীয়াৰিং চাৰ্ভিছত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল ডিব্ৰুগড়ৰ ১৫০ৰ অধিক থলুৱা নিবনুৱা লোক। যাৰ ফলত সুদীৰ্ঘ কাল
সেই কৰ্মৰ জৰিয়তে নিজৰ পৰিয়ালক পোহপাল দি আহিছিল কৰ্মচাৰী সকলে।
কিন্তু বৰ্তমান লালুৱাৰী কনষ্ট্ৰাকছন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ হঠকাৰী সিদ্ধান্তৰ বিৰূদ্ধে গৰজি উঠিছে থলুৱা কৰ্মচাৰী সকল।
অভিযোগ অনুসৰি চাবুৱাৰ বায়ুসেনাত মিলিটেৰী ইঞ্জিনীয়াৰিং চাৰ্ভিছ হিচাপে কৰ্মৰত থলুৱা অসমীয়া কৰ্মচাৰী সকলক হঠাৎ কামৰ পৰা অব্যাহতি দি বহিৰাগত কৰ্মচাৰীক বৰপিৰা পাৰি দিব বিচাৰিছে লালুৱাৰী কনষ্ট্ৰাকছন নামৰ প্ৰতিষ্ঠানটোৱে। এতিয়া অসমতেই অসমীয়াক বঞ্চিত কৰি বহিৰাগতক বৰ পিৰা পাৰি দিব খোজা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গৰজি উঠিছে কৰ্মচাৰী সকলে। এই হঠকাৰী সিদ্ধান্ত যদি উঠাই নলয়, তেতিয়া জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে কৰ্মচাৰী সকলে।