কাইলৈ নগাঁৱৰ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস
প্ৰদৰ্শিত হ’ব “পাৰিজাত হৰণ” অংকীয়া ভাওনা
নগাঁও,

অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে অসমৰ শক্তিশালী জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ ডিচেম্বৰত “কেন্দ্ৰীয় শ্বহীদ দিৱস” উদযাপন কৰি আহিছে। ১৯৭৯ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ছয়বছৰ ধৰি হোৱা ঐতিহাসিক অসম আন্দোলনত ৮৬০গৰাকী লোক শ্বহীদ হৈছিল। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে শ্বহীদ বৰণ কৰিছিল। তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ডিচেম্বৰত কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। এইবছৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱসটি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰত আয়োজন কৰা হৈছে। কুঁৱৰীটোলৰ ঐতিহ্যমণ্ডিত গান্ধী খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচী অনুসৰি মূল তোৰণ উন্মোচন কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকাই আৰু মূলমঞ্চ তথা প্ৰেক্ষাগৃহ উন্মোচন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতি,কলিয়াবৰ শাখাৰ সভানেত্ৰী সন্ধ্যা খাউণ্ডে। পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সন্থাৰ সভাপতি উৎপল শৰ্মাই,শ্বহীদ তৰ্পণ অনুষ্ঠান মুকলি কৰিব সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ পিছতে ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ পৰিয়াল আৰু কলিয়াবৰৰ বিশিষ্ট ব্যক্তি,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দ্বাৰা ৮৬০ গছি বন্তি প্ৰজ্বলন কৰা হ’ব। দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিতব্য মুকলি সভাত সভাপতিত্ব কৰিব সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিব সাধাৰণ সম্পাদক সমীৰণ ফুকনে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। নিৰ্দিষ্ট বক্তা তথা স্মৃতিগ্ৰন্থৰ উন্মোচন কৰিব সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল ভট্টাচাৰ্যই। সভাত কলিয়াবৰ সম জিলাৰ আয়ুক্ত ৰাজ বৰুৱা,অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছত নিশালৈ সন্মিলিত শিল্পী সমাজ কলিয়াবৰৰ দ্বাৰা “পাৰিজাত হৰণ” অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব । কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন সমিতিৰ সভাপতি নবীন বৰঠাকুৰ,কাৰ্যকৰী সভাপতি হিমেন ভূঞা,গৌৰী শংকৰ শইকীয়া,মুখ্য সম্পাদক মৃগাংক শেখৰ ভড়ালী হাজৰিকা,সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা,সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি চিন্ময় ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্লাৱন বৰাই কেন্দ্ৰীয় শ্বহীদ দিৱস কাৰ্যসূচীটি সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে ।
