ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে আজি ডিব্ৰুগড় নগৰৰ পূৰ্ব্বাঞ্চল হিন্দু আয়োজক সমিতিৰ উদ্যোগত জালান নগৰ বিদ্যালয় খেলপথাৰত সহস্ৰাধিক ৰাইজৰ উপস্হিতিত হিন্দু সন্মিলন অনুষ্ঠিত হয়। ভাৰতমাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা জাতীয় সংগীতেৰে অনুষ্ঠানটি আৰম্ভণি কৰা হয় ৷ উক্ত সন্মিলনত ডিব্ৰুগড় বিভাগৰ বিভাগ প্ৰচাৰক সুবাস যোশীয়ে হিন্দুত্বৰ ওপৰত বৌদ্ধিক প্ৰদান কৰে । ডিব্ৰুগড় জিলাৰ জিলা সহ কাৰ্য্যবাহ মিঠুন দেৱনাথ সংঘৰ এশবছৰীয়া যাত্ৰাৰ ওপৰত তথা পূৰ্বাঞ্চল আয়োজক সমিতিৰ সভাপতি জোন তালুকদাৰ দেৱে পঞ্চ পৰিবৰ্তনৰ ওপৰত বক্তব্য প্ৰদান কৰে লগতে দুৰ্গা মন্দিৰ সমিতিৰ সভাপতি কাঞ্চন চৌধুৰী, তথা বিশিষ্ট ব্যৱসায়ী সৌৰভ গগৈ উপস্থিত থাকে ৷ উক্ত সন্মিলনত বিহু নৃত্য, ঝুমুৰ নৃত্য, গোৰ্খা সম্প্ৰদায়ৰ নৃত্য আদি পৰিৱেশনৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমেৰে সন্মিলনৰ সামৰণি কৰা হয় ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.