যোৱা নিশা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটত এখন ট্ৰাকৰ পৰা আৰক্ষীয় ১৬টাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বক্সিৰহাটৰ সূৰ্য্য সেন মোৰত অসম অভিমুখী এএছ০১টিচি/৬২৩০ নম্বৰৰ ট্ৰাক এখনত বক্সিৰহাট আৰক্ষীৰ এটা দলে তালাচী চলাই বস্তাৰ তলত লুকাই অনা ১৬টাকৈ গৰু উদ্ধাৰ কৰে। ট্ৰাকখনৰ চালকজনক কৰায়ত্ত কৰি বক্সিৰহাট থানাত শোধপোচ চলাই থকা বুলি প্ৰকাশ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.