ব্যৱসায়ী,সমাজকৰ্মী হীৰাকান্ত দাসৰ পৰলোক
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ নিবাসী,ব্যৱসায়ী,সমাজকৰ্মী হীৰাকান্ত দাসৰ(৬৪) আজি পুৱা প্ৰায় ৭:৩০ বজাত চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতেই মৃত্যু হয়।কিছুদিন চিকিৎসাধীন অৱস্থাত থকাৰ পাছত আজি পুৱা পুনৰ শাৰীৰিক অৱস্থা অৱনতি ঘটাত চিকিৎসালয় লৈ গৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় হীৰাকান্তৰ।অতি সৰবৰহী, অমায়িক, সৰ্বজনপ্ৰিয় দাসৰ অকাল মৃত্যুত সমগ্ৰ মিলন নগৰত গভীৰ শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত পত্নী,তিনি গৰাকী কন্যা আৰু বহু আত্মীয় স্বজনৰ লগতে অনেক শুভাকাংক্ষীক এৰি থৈ যায়।চৌকিডিঙীৰ ৰাজহুৱা শ্মশানত অনেক গুণমুগ্ধৰ উপস্থিতিত দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়।