...

মানকাচৰৰ সীমান্তত বি এছ এফৰ গুলীচালনা!

Spread the love

মানকাচৰৰ সীমান্তত বি এছ এফৰ গুলীচালনা!

এজন গৰু চোৰাং সৰবৰাহকাৰী আহত

চাইন অন ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ উত্তেজনা। জিলাখনৰ চৰকুকুৰমাৰা সীমান্তত নিশা সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) গুলীত এজন গৰু চোৰাং সৰবৰাহকাৰী গুৰুতৰভাৱে আহত হয়। আহত লোকজনৰ নাম শাহেৰ আলী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱতি নিশা চোৰাং সৰবৰাহকাৰীৰ এটা দলে কুকুৰমাৰা সীমান্তৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। সেই সময়ত কৰ্তব্যৰত বি এছ এফৰ জোৱানে তেওঁলোকক প্ৰত্যক্ষ কৰি বাধা প্ৰদান কৰে। কিন্তু সৰবৰাহকাৰীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ বাধা নেওচি আগবাঢ়িবলৈ চেষ্টা কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি এছ এফৰ জোৱানে ‘পেল্টে গান’ৰ (Pellet Gun) সহায়ত গুলীচালনা কৰিবলৈ বাধ্য হয়।

বি এছ এফৰ গুলিত আহত হয় শাহেৰ আলী। আহত আলীক তাৎক্ষণিক ভাৱে উদ্ধাৰ কৰি হাটশিঙীমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বি এছ এফে ঘটনাস্থলীৰ পৰা দুটা চোৰাং গৰু আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *