ডিব্ৰুগড়ত ডাঃ জৱাহৰ জ্যোতি কুলিৰ দুখন উপন্যাস উন্মোচন
চাইন অন ডেস্ক:
মিচিং জনজাতিৰ এগৰাকী বিশিষ্ট লেখক তথা চিকিৎসক ডাঃ জৱাহৰ জ্যোতি কুলিৰ তৃতীয়খনি উপন্যাস ‘ফৰিং ছিটিকা’ৰ লগতে ড॰ ৰঞ্জিতা চৌধুৰীৰ ইংৰাজীলৈ অনূদিত তেখেতৰ আনখনি উপন্যাস ‘কাম্পতি’ৰ কালি ডিব্ৰুগড়ত উন্মোচন কৰা হয়৷ ‘ফৰিং ছিটিকা’ হৈছে লেখকৰ ১৯ সংখ্যক গ্ৰন্থ৷ দুয়োখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে মহাবাহু অফ্ছেট প্ৰেছে৷ এই উপলক্ষে কালি বিয়লি মহানগৰখনৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ মানকটা পথত অৱস্থিত মহাবাহু অফ্ছেটৰ কক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োখন গ্ৰন্থ উন্মোচন
কৰে বিশিষ্ট ভাষাতত্ত্ববিদ, প্ৰফেচাৰ অৱ এমেৰিটাছ, গৱেষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপক ড॰ ভীমকান্ত বৰুৱাই৷ উন্মোচনী ভাষণ প্ৰসংগত ঔপন্যাসিক গৰাকীক অভিনন্দন জ্ঞাপন কৰি কয় যে পাঠকলৈ এয়া ডাঃ কুলিৰ সুন্দৰ উপহাৰ৷ ‘সংস্কাৰ’ বিষয়ক কেন্দ্ৰ কৰি তেওঁ তিনিখনকৈ উপন্যাস ৰচনা কৰিছে৷ ইয়াৰ জড়িয়তে তেও সমাজত বিভিন্ন দিশত আজিও মানি অহা কু-সংস্কাৰ ত্যাগ কৰি বৈজ্ঞানিক ভিত্তিত ‘সংস্কাৰ’ দিয়াৰ বাবে চেষ্টা কৰিছে৷ কেউখন গ্ৰন্থই তেওঁ সাম্প্ৰতিক অসমীয়া সমাজত নিজৰটো বেয়া বুলি একাশৰীয়া কৰি আনৰটো ‘ভাল’ বুলি গ্ৰহণ কৰাৰ কু-পৰম্পৰাৰ পৰা বিৰত ৰখাৰো এক প্ৰচেষ্টা৷ মিচিং সমাজৰ কেতবোৰ কু-পৰম্পৰাৰ উদাহৰণস্বৰূপে লৈ ৰচনা কৰা এই দুয়োখন গ্ৰন্থৰ চৰিত্ৰবোৰ হৈছে মিচিং সম্প্ৰদায়ৰ৷ বিশেষকৈ দুয়োখন উপন্যাসত মিচিং সম্প্ৰদায়ৰ নাম আৰু ঠাইৰ নাম আৰু সমাজ-সাংস্কৃতিক দিশৰ কথা উল্লেখ কৰাটো অত্যন্ত আদৰণীয় বুলি উল্লেখ কৰি ভাষণত তেওঁ আৰু কয় যে প্ৰত্যেকজন মানুহৰ নাম আৰু ঠাইৰ নামে বহু কথা কয়৷ প্ৰসংগক্ৰমে ড॰ বৰুৱাই লেখকক সমাজে স্বীকৃতি প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গ্ৰন্থসমূহ সঠিকভাৱে সমালোচনা আৰু বিপনন কৰাৰ বাবেও প্ৰকাশকক আহ্বান জনায়৷ লক্ষীনাথ টায়ে আঁতধৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী প্ৰশাসনিক বিষয়া লক্ষ্যনাথ কুলি, লেখক তুলসীৰাম পাংগিং, কবি অমিলতা টায়ে মিলি, হেমচন্দ্ৰ মিলি আৰু পৰমানন্দ কামানে শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, মহাবাহু অফছেটৰ স্বত্বাধিকাৰী দীপক বৰুৱা, নিতুমণি বৰুৱাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে৷