গৰাখহনীয়া জৰ্জৰ ৰহমৰীয়াৰ পটভূমিত ৰুৱীয়া সন্দিকৈ দত্তৰ ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচন
চাইন অন ডেস্ক:
ঐতিহাসিক ডিব্ৰুগড়ৰ বাবে এক জলন্ত সমস্যা ৰহমৰীয়াৰ পটভূমিত প্ৰকাশ হ’ল উপন্যাস। ৰহমৰীয়াক লৈ বহু আন্দোলন হ’ল, বহু ৰাজনীতি হ’ল,অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম-সংবাদ পত্ৰৰ শিৰোনামা দখল কৰিলে ৰহমৰীয়াই। কিন্তু ৰহমৰীয়াৰ ইতিমধ্যে ৩২ ৰাজহ গাঁও, কেইবাখনো চাহ বাগিচা, স্কুল, আৰক্ষী থানা আদিকে ধৰি বহু হেক্টৰ কৃষিভূমি আদি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন কৰাৰ পাচতো বৰ্তমান এশ শতাংশ গঢ়াখহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাগৈ নাই।এই জলন্ত সমস্যাৰ পটভূমিত ৰুৱীয়া সন্দিকৈ দত্তৰ দ্বাৰা ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে। সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে উপন্যাস খন উন্মোচন কৰি মুল ভেটিটো তথা জুমুঠি টো যদি ভাল হয়, তেন্তে মূৰ্তিটো 
এসময়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে অসমৰ সংবাদ জগতৰ শিৰোনাম দখল কৰা ৰহমৰীয়াৰ পটভূমিত ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচিত অনুষ্ঠানত
ড° ৰঞ্জিত সিংহই ‘মোৰোকনি’ত পঢ়ুৱৈয়ে ৰহমৰীয়াৰ মৰ্ম বেদনা উপলব্ধি কৰিব বুলি উল্লেখ কৰে। উপস্থিত থকা তপতী সিংহই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰাৰ কথা প্ৰকাশকক অৱগত কৰে। আন এজন উন্মোচক হৃদয় চৌধুৰীয়ে ‘সময়ৰ সঁফুৰা এটি নতুন পুৱাৰ সন্ধানত’ গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰি কয় যে গ্ৰন্থখন পঢ়িলে পঢ়ুৱৈয়ে সময়ৰ সদ্ব্যৱহাৰৰ প্ৰায়োগিক দিশৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত উন্মোচন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।