বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
বোকাজান:
বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বোকাজানৰ পৰা নাগালেণ্ডৰ অভিমুখে যোৱা এখন বলেৰ গাড়ীৰ সৈতে অন্য এটা বাহনৰ সন্মুখসম্মুখ সংঘৰ্ষৰ ফলত ঘটে।
স্থানীয় সূত্র মতে, আজি পুৱা অনুমানিক সময় প্ৰায় ৬ বজাত AS-02-36905 নম্বৰৰ এখন বলেৰ বাহন বোকাজানৰ দিশৰ পৰা নাগালেণ্ডৰ দিশে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱায় আৰু বিপৰীত দিশৰ পৰা আহি থকা AS-09-2368 নম্বৰৰ এখন অ’ট’ৰ সৈতে সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোত কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে আৰু আৰক্ষীয়ে তৎক্ষণাত উদ্ধাৰ কৰি আহতসকলক বোকাজানৰ সস্পতাললৈ প্ৰেৰণ কৰে। আহতসকলৰ মাজত কেইজনো লোকৰ অৱস্থা চিন্তাজনক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ ফলত কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
বোকাজান থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুয়োখন বাহনক আৰক্ষীৰ জিম্মালৈ লোৱা হয়।
প্ৰত্যক্ষদৰ্শীসকলে কয় যে, ঘটনাৰ সময়ত AS-02-36905 নম্বৰৰ বাহনখনে অত্যাধিক গতিত আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা অ’ট’খনক জোৰদাৰ খুন্দা মাৰে। এই ভয়ংকৰ সংঘৰ্ষৰ ফলত বাহন দুটাত গুৰুতৰ ক্ষতি হয়।
বোকাজান থানাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সম্পূৰ্ণ অনুসন্ধান আৰম্ভ কৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়ালৈকে স্পষ্ট নহ’লেও, অনুমান কৰা হৈছে যে, অত্যাধিক গতি আৰু ড্ৰাইভাৰৰ অসাৱধানতাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে।
আহতসকলৰ সোনকালেই সুস্থতা কামনা কৰি স্থানীয় লোকসকলে প্রশাসনৰ পৰা কঠোৰ পথ সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
(বোকাজানৰ পৰা অনুৰাগ ভূঞা)