নগৰবেৰাৰ নাওঁ খেল প্ৰতিযোগিতাত ভয়ংকৰ অঘটন
নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায় নাও
নগৰবেৰা:
নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত নাওঁ খেল প্ৰতিযোগিতাত অঘটন।সোমবাৰৰ আবেলি খেল চলি থকাৰ মাজতে সংঘটিত হয় এক দুৰ্ঘটনা।হঠাৎ নৈৰ দ পানীত ডুব যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এখন নাঁও।কথমপি ৰক্ষা পৰে দহ বাৰজনকৈ লোক।উল্লেখ্য যে, সোমবাৰৰ পৰা ৰঙ্গেশ্বৰী পাম জনতা বজাৰৰ কাষতে
জলজলী নৈত আৰম্ভ হৈছে সৰু নাওঁ খেল প্ৰতিযোগিতা। খেল খনত এঘাৰ খনকৈ সৰু নাওঁ অংশ গ্ৰহণ কৰিছিল। ৰাইজৰ হৰ্ষোল্লাসৰ মাজত চলি থকা নাওঁ খেল খনৰ এটা ৰাউণ্ডত ৰঙ্গেশ্বৰী গাঁৱৰ প্ৰতিযোগী নাওখনে জয়লাভ কৰাৰ পাছতে জয়ৰ আনন্দ উল্লাহত নাৱৰ পৰা জপিয়াই পানীত নামে দুজনকৈ খেলুৱৈ লগে লগেই নাঁওখন নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায়। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।উদ্যোক্তা সমিতিৰ লোকৰ তৎপৰতাত ওচৰতে থকা যন্ত্ৰচালিত নাওঁৰে
দুৰ্ঘটনাত পতিত লোকসকলৰ লগতে ডুব যোৱা নাওঁ খন উদ্ধাৰ কৰে।ফলত ৰক্ষা পৰে খৈলুৱৈ সকল আৰু যাৰ বাবে এই দুৰ্ঘটনাত কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই।