...

বঢ়মপুৰত দ্বিতীয় বাৰৰ বাবে বিজেপিৰ জিতু গোস্বামী

Spread the love

বঢ়মপুৰত দ্বিতীয় বাৰৰ বাবে বিজেপিৰ জিতু গোস্বামী

চাইন অন ডেস্ক:

বঢ়মপুৰ সমষ্টিত দ্বিতীয় বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্থীত্ব লাভ কৰি নিজ সমষ্টি বঢ়মপুৰত উপস্থিত জিতু গোস্বামী। আনন্দত আত্মহাৰা বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই উৰিয়াগাওঁ বাইপাছ চকৰ পৰা জিতু গোস্বামীক এক বিশাল ৰেলীৰে আগুৱাই আনে ভেৰভেৰী স্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ। মহামৃত্যুঞ্জয় মন্দিৰত সেৱা জনাই সংবাদ মাধ্যমৰ জড়িয়তে মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বক জনালে ধন্যবাদ। আনহাতে অসম জাতীয় পৰিষদৰ পাৰ্থী ৰাজেন গোঁহাইক মহাভাৰতৰ গুৰু দ্ৰোনাচাৰ্য্য লগত তুলনা কৰি নিজকে অৰ্জুন বুলি অভিহিত কৰে। ৰাজেন গোহাঁই দ্ৰোণচাষ্য আৰু মই অৰ্জুন হৈ ৰাজনৈতিক যুদ্ধ কৰিম । মোৰ গুৰু ৰাজেন গোহাঁইৰ পৰা ৰাজনৈতিক বিদ্যা সকলো লৈছোঁ ।কেৱল তেওঁৰ পৰা দুটা বিদ্যা গ্ৰহণ নকৰো । সেই দুটা বিদ্যা কি হয় পাছত মই কম ।
যুদ্ধত অৰ্জুনৰ হাতত গুৰু দ্ৰোণচাষ্য পৰাস্ত হৈছিল । এইবাৰ মোৰ জয় নিশ্চিত । ৰাইজৰ মৰম আশীৰ্বাদৰ ফলত আগন্তুক নিৰ্বাচনত বিপুল সংখ্যাক ভোটত জয় লাভ কৰিব বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *