শোণিতপুৰৰ ৬৮ নং ৰঙাপৰা বিধা সভা সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ সমৰ্থনত আজি বালিপৰাত এক দলীয় পতাকা শোভাযাত্ৰা উলিওৱা হয় । বালিপৰা পঞ্চায়তৰ বামগাঁৱৰ ৮৯ নং বুথৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত বিহালীৰ প্ৰাক্তন বিধায়ক দিগন্ত ঘাটোৱাৰ , ৰঙাপৰা নিৰ্বাচন কমিটিৰ প্ৰৱাসী প্ৰভাৰী অনিল কাণ্ডাৰী, জিলা বি জে পিৰ সম্পাদক ধ্ৰুৱ প্ৰসাদ কুৰ্মী প্ৰমুখ্যে কেইবাগৰাকী দলীয় নেতৃবৃন্দয়ে অংশ গ্ৰহণ কৰি ঘৰে ঘৰে গৈ বিজেপিৰ সংকল্প পত্ৰ প্ৰদান কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক বিপুল ভোটত জয়যুক্ত কৰাৰ আহ্বান জনায় । কেইশতাধিক মহিলা পুৰুষে বামগাঁৱৰপৰা উলিওৱা শোভাযাত্ৰাৰ দলটিয়ে বিজেপি জিন্দাবাদ, কৃষ্ণকমল তাতী জিন্দাবাদ,হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি বালিপৰা কেন্দ্ৰস্হলকে ধৰি সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰে ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.