...

খোৱাং সমষ্টিৰ বলাইত বি জে পিৰ ব্যাপক প্ৰচাৰ

Spread the love

খোৱাং সমষ্টিৰ বলাইত বি জে পিৰ ব্যাপক প্ৰচাৰ

বাজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

চাইন অন ডেস্ক:

অসম বিধানসভাৰ ৮৯নং নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ ডুলীয়া কাকতি গাওঁ পঞ্চায়তৰ বলাই চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত আজি ৮৯নং ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে।বি জে পি বৰবৰুৱা মণ্ডলৰ সভাপতি সীমান্ত গগৈৰ পৌৰহিত্যত বৰবৰুৱা মণ্ডলৰ সাধাৰণ সম্পাদক মহানন্দ শইকীয়াই আতঁধৰা নিৰ্বাচনী প্ৰচাৰ সভাত আদৰণি ভাষণ প্ৰদান কৰি বৰবৰুৱা জিলা পৰিষদৰ সদস্য তথা বি জে পি যুৱ নেতা বিনয় মাঝিয়ে নৱগঠিত খোৱাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা এগৰাকী জনপ্ৰিয় বিধায়ক চক্ৰধৰ গগৈক আগন্তুক নিৰ্বাচনত জয়ী কৰোৱাৰ মানসেৰে দলীয় প্ৰতি কৰ্মীয়েই তৎপৰতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে পূৰ্বৰ মৰাণ সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈ সমষ্টিটোৰ যথেষ্ট উন্নয়ন ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও,সমষ্টি পুণৰগৰ্ঠনৰ পিছত নৱগঠিত খোৱাং সমষ্টিৰ বিধায়ক হিচাপে সমষ্টিটোৰ সৰ্বাধিক বিকাশ তথা উন্নয়নৰ দিশত সেৱা আগবঢ়াই আহিছোঁ বুলি প্ৰকাশ কৰা নিৰ্বাচনী প্ৰচাৰ সভাক উদ্দেশ্যি কয় যে বৰ্তমান নৱগঠিত খোৱাং সমষ্টিটোৰ যাতায়ত ,পথ, শিক্ষাকে অসমৰ বি জে পি মিত্ৰজোঁটৰ চৰকাৰৰ দ্বাৰা অনুমোদিত বিনামূলীয়া চাউল,উজ্বলা আঁচনিত ৰন্ধন গেছ,অৰণোদয়, উদ্যমিতা,নিযুত মইনা ,অসম দৰ্শন ,২৫হাজাৰ মহিলাক উদ্যমিতা ,৩২হাজাৰ মহিলাক অৰুণোদয়
আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰি আৰ্থিক বিকাশ গঢ়ি তোলা আৰু অন্যান্য সকলো দিশতেই উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ সুযোগ পালো । নিজৰ ভাষণত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে আৰু কয় যে নৱগঠিত খোৱাং সমষ্টিৰ পৰা নিৰ্বাচিত নোহোৱাকৈয়ে সমষ্টিটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমান ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল নেতৃত্বত সামগ্ৰিক ভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে সেৱা আগবঢ়ায় আহিছোঁ আৰু উক্ত সমষ্টিৰে বি জে পি মিত্ৰজোঁটৰ অৱতীৰ্ণ প্ৰাৰ্থী হিচাপে সেৱা আগবঢ়োৱাৰ মানসেৰে সমষ্টিবাসী ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ, সেয়ে পুণৰ বিধায়ক হিচাবে নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত ৰাইজক উদ্দেশ্যি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে আহ্বান জনায়।সভাত ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় অসমত ২০১৬চনৰ পৰাই বি জে পি মিত্ৰজোঁটৰ চৰকাৰ খনে জাতীয় চেতনাৰে , জনসাধাৰণৰ সেৱাত ব্ৰতী অসমৰ কৃষ্টি -সংস্কৃতি ,মাটি ভেটি, সভ্যতা, জাতীয় অস্তিত্বৰ ৰক্ষাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নতুন দিগন্তৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ খনেহে অসমৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশ তথা উন্নয়নৰ দিশত,অসমৰ সকলো স্তৰতে সুৰক্ষিত, ভৱিষ্যতৰ দিনত অসমত বি জে পি মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত বক্তব্য আগবঢ়ায়। আনহাতে কংগ্ৰেছ দলে বিগত ৫৫টা বছৰে দেশৰ লগতে অসমৰ উন্নয়ন তথা বিকাশৰ ক্ষেত্ৰত অৱহেলাৰ চকুৰে চোৱাৰ ফলতেই উন্নয়ন মন্থৰ হৈছিল, কংগ্ৰেছ দলৰ ভেদাভেদ আৰু সংকীৰ্ণ ৰাজনীতিয়ে অসমৰ কৃষ্টি -সংস্কৃতি মাটি ভেটিকে সকলো দিশতে আগ্ৰাসন হৈছিল যদিও বি জে পি মিত্ৰজোঁটৰ চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি অসমৰ সৰ্বাঙ্গীন ভাৱে যোগাত্মক দৃষ্টিভংগীৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰাৰ উপৰিও বি জে পি মিত্ৰজোঁটে আগন্তুক নিৰ্বাচনত সফলতা অৰ্জন কৰিব বুলি দাবী কৰি নৱগঠিত খোৱাং সমষ্টিৰ পৰা বি জে পি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ গগৈক ভোটদান দি সমষ্টিটো ত জন সেৱাৰ সুযোগ প্ৰদান কৰিবলৈ সভাত উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়।সভাত ডিব্ৰুগড় পৌৰনিগমৰ উপ পৌৰপতি উজ্বল ফুকন, প্ৰাক্তন জিলা বি জে পি সভাপতি জগদীশ ৰাজকোঁৱৰ,বি জে পি দলৰ জ্যেষ্ঠ নেতা বিকুল ডেকা, যুৱ নেতা সঞ্জীৱ চাংমাই,অখিল ভাৰতীয় মূলভাষী পৰিষদৰ সভাপতি জনপ্ৰকাশ তাঁতীৰ উপৰিও বি জে পি বৰবৰুৱা মণ্ডলৰ কাৰ্যকৰ্তা , জকাই আৰু ডুলীয়া কাকতি গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰমুখ্যে দলীয় কৰ্মী সকলে অংশগ্ৰহণ কৰে।’সভাত বি জে পি বৰবৰুৱা মণ্ডলৰ অন্তৰ্গত জকাই,ডুলীয়া কাকতি, বৰবৰুৱাকে ধৰি বিভিন্ন অঞ্চলৰ চাৰি সহশ্ৰাধিক পুৰুষ মহিলা,সহ যুৱক যুৱতী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *