...

বিজেপিয়ে ৰাজনীতিৰ নামত চিণ্ডিকেট চলাইছে !

Spread the love

বিজেপিয়ে ৰাজনীতিৰ নামত চিণ্ডিকেট চলাইছে !

ডিব্ৰুগড়ত অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ সংবাদমেল

চাইন অন ডেস্ক:

বিজেপিয়ে ৰাজনীতিৰ নামত চিণ্ডিকেট চলাইছে। চিণ্ডিকেটৰ ৰাজনীতিৰ বাবে প্ৰকৃত বিজেপিসকলে নিৰ্বাচন খেলাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আজি ডিব্ৰুগড়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী। আজি খোৱাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। সংবাদমেলত অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে, এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা বাহিনীয়েহে প্ৰতিদ্বন্দিতা কৰা যেন আমাৰ অনুভৱ হৈছে। হিমন্ত বিশ্ব শৰ্মা বাহিনীটোক প্ৰতিহত কৰিবলৈ আগন্তক নিৰ্বাচনত ৰাইজক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। হিমন্ত বাহিনীয়ে যিদৰে অসমখন ছিণ্ডিকেটৰাজ, লুন্ঠন, শোষণ আৰু অসমৰ জনসাধাৰণৰ মাজত বিভাজন সৃষ্টি কৰি ৰাজনীতি কৰিছে। আমাৰ জনসাধাৰণৰ মাজত প্ৰলোভন আৰু দমনৰ ৰাজনীতি কৰিছে। ইয়াৰ পৰা মুক্তি পাবলৈ হ’লেহে অসমৰ জনসাধাৰণে সিদ্ধান্ত ল’ব লাগিব। অসমৰ ৰাইজক আহ্বান জনাই বসুমতাৰীয়ে কয় যে, এই নিৰ্বাচনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ সুস্থিৰ ৰাজনীতিৰ পৰিৱেশ লাগে। গুণগত ৰাজনীতিৰ পৰিৱেশ লাগে। অসমত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাটো অত্যন্ত দৰকাৰ। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ধৰ্মাৱলম্বীৰ মাজত সম্প্ৰীতি ৰক্ষা কৰা, ঐক্যবদ্ধ শক্তিশালী অসম গঢ়াৰ প্ৰয়োজনীয়তা থকাৰ সময়তে আমাৰ মাজত শক্ৰ হিচাপে থিয় দিয়া বিজেপি সাম্প্ৰদায়িক দলক উৎখাত কৰিবলৈ আমি ঐক্যবদ্ধ হৈছো। আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যিধৰণে শক্তিশালীভাৱে যুঁজ দিছে, এই যুঁজত আমি নিশ্চিতভাৱে জিকিম। ২০১৬ চনৰ নিৰ্বাচন আৰু ২০২৬ৰ নিৰ্বাচনৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। ২০১৬ চনত শৰাইঘাটৰ ৰণৰ কথা নৰেন্দ্ৰ মোদীৰ ঢৌত বিজেপি শাসনলৈ আহিছিল অসমত। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে জাতি-মাটি-ভেঁটি ৰক্ষাৰ কথা কৈছিল। ইয়াৰ সমান্তৰালভাৱে বিজেপিয়ে অসম চুক্তি ৰূপায়ন, ছয় নং দফা কাৰ্যকৰী কৰাৰ লগতে এন আৰ চি উন্নীতকৰণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰ, প্ৰতিবছৰে দুই লাখকৈ নিবনুৱাক চাকৰি, ভাৰতৰ ভিতৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপিয়ে দিয়া এটাও প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰিলে। সকলো প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিল। অসম চুক্তি ধোঁৱা চাঙত তুলি ৬ নং দফা পাহৰণিৰ গৰ্ভত তুলি দিলে। একেটা সংবাদমেলত বসুমতাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, আমাৰ বিৰোধীৰ উত্থানত শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা। এই যুঁজখন কেৱল বিজেপি-বিৰোধী দলৰ মাজৰ যুঁজ নহয়। বিজেপিৰ অপশাসন, ভ্ৰষ্টাচাৰ আৰু তেওঁলোকৰ পৰিয়ালকেন্দ্ৰীক শোষণ-লুন্ঠনৰ বিৰুদ্ধে যুঁজ। সংবাদমেলত চিত্তৰঞ্জন বসুমতাৰীয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৫২ হাজাৰ কোটি টকাৰ বিনিয়োগ বা পাছপোৰ্টৰ কথাটো মিছা নহয়। মুখ্যমন্ত্ৰী পত্নীৰ ১২ হাজাৰ বিঘা মাটি, বন্ধ্যা ইন্টাৰনেশ্যনেল স্কুল, গুৱাহাটীত চলি থকা চিটি বাছ, আৰক্ষীয়ে চলাই থকা ইনোভা, বলেৰো আদি কথাবিলাক মিছা কথা বুলি কিয় মুখ্যমন্ত্ৰীয়ে ক’ব নোৱাৰে। পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীলৈ অসম আৰক্ষীৰ দল গৈছে। কিন্তু অসমৰ কুংকি চৌধুৰীৰে ভিডিঅ’ বিকৃত কৰা অভিযোগৰ ক্ষেত্ৰত তৎপৰতা দেখোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশাসনৰ বিৰুদ্ধে ৯ এপ্ৰিলত ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি আশা প্ৰকাশ কৰিছে। আজিৰ সংবাদমেলত অজাপৰ উপ-সভাপতি বীৰেন বৰুৱা, মুখপাত্ৰ জিয়াউৰ ৰহমান, সম্পাদক মানিক গগৈ, অজাপৰ চাহ শক্তিৰ ৰাজ্যিক আহ্বায়ক ঘনশ্যাম চাহু আদিকে ধৰি ভালেসংখ্যক অজাপ নেতাউ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *