নদুৱাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ বিশাল ৰেলী
” কংগ্ৰেছ এইবাৰ তৃণমূল পৰ্যায়ৰপৰা নিশ্চিহ্ন হৈ যাব”– পদ্ম হাজৰিকা
বালিপৰা:
বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা আজি শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিত নিজৰ শক্তি প্ৰদৰ্শন কৰে নদুৱাৰৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই । আজি দিনৰ ১:০০ বজাৰপৰা সমষ্টিটোৰ চাৰিদুৱাৰৰ ফৰেষ্ট গেটৰপৰা দলীয় নেতা-সমৰ্থকসকলে হাতে-হাতে দলীয় পতাকা, বেনাৰ আৰু এক গাড়ী, মটৰচাইকেল লৈ উলিয়ায় এক বিশাল সমদল । সমদলত অংশগ্ৰহণ কৰা তিনিহাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে বালিপৰা-চাৰিদুৱাৰৰ সংযোগী ঘাইপথেদি ক্ৰমে ফৰেষ্ট গেট চেণ্টাৰ, চাৰিদুৱাৰ চেন্টাৰ, ঢেকেৰী গাঁও,
উদমাৰী গাঁও, কমাৰী গাঁও, বালিপৰা চেন্টাৰ , দীঘলী বালিজান, বামগাঁও, দীঘলী চেন্টাৰ, মানশিৰি চেন্টাৰ ,লোক্ৰা চেন্টাৰ, ভানুচ’ক , বৰৰঘাৰী চাৰিআলি, সোণাইপাম, সোণাই মিৰি, ঢাৰিকাটি, চেঙেলীমাৰী ইত্যাদি সমষ্টিটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে । দলীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নদুৱাৰৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে সমষ্টিত ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিজেপিক সঁহাৰি আগবঢ়াইছে ।
এইবাৰ নিৰ্বাচনত বিজেপিক অভিলেখ সংখ্যক ভোটত জয়যুক্ত কৰিব । বিৰোধীয়ে অপপ্ৰচাৰ, পৰিকল্পিত ষড়যন্ত্ৰ কৰি একো লাভ নাই । এইবোৰে কেতিয়াও বিবেকৱান , আৰু জ্ঞানপুষ্ট ভোটাৰক বিচলিত কৰিব নোৱাৰে । বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা, বিশ্বাস আছে । বিজেপি ৰাইজৰ হৃদয়ত আছে । কংগ্ৰেছৰ কোনো শক্তি নাই নদুৱাৰত। কংগ্ৰেছৰ ভেঁটি এইবাৰ উছন হ’ব, নদুৱাৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ আমানত ধন জব্দ হ’ব ।”
উল্লেখ্য যে সমদলত অংশগ্ৰহণকাৰীসকলে ” পদ্ম হাজৰিকা জিন্দাবাদ, বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দি অঞ্চলটোৰ আকাশ-বতাহ উত্তাল কৰি তোলে ।