...

অকথ্য! বি জে পিৰ বিধায়ক পুত্ৰইও কৰিলে বিষ্ণু ৰাভাৰ আদৰ্শক বিকৃতিকৰণ ?

Spread the love

 

অকথ্য! বি জে পিৰ বিধায়ক পুত্ৰইও কৰিলে বিষ্ণু ৰাভাৰ আদৰ্শক বিকৃতিকৰণ ?

 

শৰৎচন্দ্ৰ নেওগ
গণনাট্য সংঘৰ সভাপতি
+91 94017 09186

 

যিজন বিষ্ণুৰাভাই ওৰেটো জীৱন দেশৰ, সমাজৰ স্বাৰ্থত, দৰিদ্ৰ জনসাধাৰণৰ ওপৰত কৰা শোষণ- নিৰ্যাতনৰ বিৰুদ্ধে সংগ্ৰাম কৰি গ’ল, কমিউনিষ্ট আদৰ্শৰে অনুপ্ৰাণিত হৈ সৃষ্টি কৰি থৈ গ’ল অমূল্য ৰচনা সম্ভাৰ, যিজন বিষ্ণুৰাভাক এনে বৈপ্লৱিক চিন্তা- চেতনাৰ বাবেই, শাসক আৰু শোষক বিৰুদ্ধে মাত মতাৰ বাবেই চৰকাৰে তেওঁৰ ওপৰত চলালে অশেষ নিৰ্যাতন,কঁকালত পঘাৰে বান্ধি নানান অত্যাচাৰেৰে কাৰাগাৰলৈ নিক্ষেপ কৰিলে, সেইজন বিষ্ণুপ্ৰসাদ ৰাভাক সেই চৰকাৰেই তেখেতৰ মৃত্যুৰ পাছত বিষ্ণুৰাভা পূজাৰ প্ৰথম শাৰীৰ পূজাৰী হ’ল। জীয়াই থাকোতে “নষ্ট যোৱা”, “দেশদ্ৰোহী” বিষ্ণুৰাভাজনক হত্যা কৰি কটা মূৰটো পুলিচক দিবপৰা জনক দহ হেজাৰ টকা দিয়াৰ ঘোষণা কৰা চৰকাৰে কমিউনিষ্ট আদৰ্শক ঢাকি ৰাখিবলৈ কেৱল যেন কলাৰ হে গুৰু, গান নাচৰ যেন এজন মাষ্টৰহে তেনে ধাৰণা দিবলৈ উঠি পৰি লাগি কল্পনাপ্ৰসূত তথ্যৰে প্ৰচাৰ চলালে যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুৰাভাই প্ৰদৰ্শন কৰা নৃত্য চাই মোহিত হৈ সৰ্বপল্লী ডঃ ৰাধাকৃষ্ণণে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কমিউনিষ্ট নামটো শুনিলেই বিছাই ডকাৰ দৰে কৰা একাংশ তথাকথিত বিষ্ণুৰাভা প্ৰেমীয়েও তাতে চকু মুদি সমৰ্থন কৰিবলৈ ধৰিলে।এই তথ্যটো যে ভুল,তাৰ সম্ভেদ আমি বহু বছৰৰ পূৰ্বেই পাই বিভিন্ন কাকতে-পত্ৰে লেখা-মেলা কৰি আহিছিলোঁ। কিন্ত্ত অতি শেহতীয়াকৈ দেখিলোঁ,বিষ্ণুৰাভাৰ স্বয়ং জ্যেষ্ঠ পুত্ৰ পৃথিৰাজ ৰাভাইও ভিত্তিহীন ভাৱেই সেই তথাকথিত কলাগুৰুত হাত উজান দিছে।– সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে দিয়া এক বিবৃতিৰ যোগে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎচন্দ্ৰ নেওগে।যোৱা ২০জুনৰ দিনা গহপুৰস্থ শঙ্কৰদেৱ শিক্ষা নিকেতনৰ এখন সভাত বিষ্ণুৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথিৰাজ ৰাভাই এটা ভাষণ প্ৰসংগত প্ৰকাশ কৰে যে,বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুৰাভাই নৃত্য প্ৰদৰ্শন কৰিছিল। “বিষ্ণুৰাভাৰ একক এই অনুষ্ঠান শেষ হোৱাৰ পাছত সৰ্বপল্লী ৰাধাকৃষ্ণনে মঞ্চত উঠি বিষ্ণুৰাভাৰ কান্ধত ধৰি কৈছিল- ইউ আৰ মাষ্টাৰ অব আৰ্ট, কলাৰ গুৰু। ইতিমধ্যেই সামাজিক মাধ্যমৰ যোগে সৰ্বত্ৰে প্ৰচাৰিত হৈ পৰা পৃথিৰাজ ৰাভাই সভাত দাঙি ধৰা তথ্যটো ভুল বুলি উল্লেখ কৰি গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে,তাৰ প্ৰমাণ হিচাবে তেখেতৰ হাতত বিষ্ণুৰাভাই তেজপুৰৰ তৰুণ হাজৰিকালৈ তেতিয়াই দিয়া এখন চিঠিৰ প্ৰতিলিপি আছে,যিখন চিঠিত ৰাধাকৃষ্ণনে তেনে কোনো কথা কোৱা,আনকি তেখেতক লগ ধৰাৰ কথাও উল্লেখ নাই। বৰং বিষ্ণুৰাভাৰ এটা মাত্ৰ নৃত্য চাই বিষ্ণুৰাভাই নজনাকৈ ৰাধাকৃষ্ণন গুছি যোৱাৰ কথাহে লিখা আছে। তেনেস্থলত পৃথিৰাজ ৰাভাই এই তথ্যটো ক’ত পালে বুলি প্ৰশ্ন কৰি সেই তথ্যটো ৰাজহুৱা কৰিবলৈ পৃথিৰাজ ৰাভাৰ প্ৰতি অনুৰোধ জনাইছে।

বিবৃতিটোত আন এটা তথ্যও সদৰি কৰি নেওগে প্ৰকাশ কৰে যে, বিষ্ণুৰাভাই লেখি থৈ যোৱা উক্ত চিঠিখনৰ সুবহু প্ৰকাশৰ লগতে ৰাধাকৃষ্ণনে যে বিষ্ণুৰাভাক কলাগুৰু আখ্যা দিয়া নাছিল, সেই কথাৰ উল্লেখ কৰি সূৰ্য হাজৰিকাৰ সম্পাদনাত ২০০৮ চনতেই বাণী মন্দিৰৰ দ্বাৰা প্ৰকাশিত “ভিন্ন জনৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা” শীৰ্ষক গ্ৰন্থত এটা প্ৰৱন্ধ তেখেতে লেখিছিল। উল্লেখযোগ্য যে,সেই একেখন গ্ৰন্থত পৃথিৰাজ ৰাভা,মোহিনী ৰাভা আৰু হেমৰাজ ৰাভাৰো একোটাকৈ প্ৰৱন্ধ প্ৰকাশ পাইছিল। তেতিয়াও কিন্ত্ত পৃথিৰাজ ৰাভাই এই তথ্যটো কথা লিখা নাছিল অথবা নেওগে উল্লেখ কৰা তথ্যটোৰ প্ৰতিবাদ বা স্পষ্টীকৰণ দিয়া নাছিল। আজি নতুনকৈ এই মিছা তথ্যটো প্ৰকাশ কৰাৰ ৰহস্য ক’ত?-নেওগে প্ৰশ্ন কৰিছে।নেওগে বিবৃতিটোৰ যোগে আশা প্ৰকাশ কৰে যে অচিৰে পৃথিৰাজ ৰাভাই ইয়াৰ যথোচিত স্পষ্টীকৰণ দিব।

বি:দ্ৰ:  বিষ্ণুৰাভাই লিখা চিঠিখন ৮ পৃষ্ঠাৰ দীঘলীয়া চিঠি।তাৰ মাজৰ পৰা আৰম্ভনিৰ, মাজৰ আৰু শেষৰ একোডোখৰকৈ চিঠিখনৰ প্ৰমাণ্য হিচাপে দিয়া হ’ল।মাজৰ ২ নং ডোখৰৰ চিঞাহীৰে আবৃত বাক্যশাৰীত লিখা আছে-“কৃষ্ণা ৰায়ৰ আধা গানতে ৰাধাকৃষ্ণণ কলকাতালৈ যাত্ৰা কৰিলে।কাৰণ তেওঁ চাৰিদিন কলকাতাত আৰু তিনিদিন Benaras অত থাকে।”

Leave a Reply

Your email address will not be published. Required fields are marked *