...

বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা অৱসৰপ্ৰাপ্ত পৌৰ বিষয়া

Spread the love

বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা অৱসৰপ্ৰাপ্ত পৌৰ বিষয়া

বিপুল ফুকনৰ অকাল মৃত্যু

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী,জ্যোতি প্ৰসাদ আগৰৱালাৰ সংগীতৰ প্ৰক্ষিকক, ,অভিনেতা ,সুৰকাৰ , নাট্য কৰ্মী তথা ডিব্ৰুগড়ৰ পৌৰ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিপুল ফুকনৰ আজি নিশা প্ৰায় ১.৩০ বজাত চিকিৎসাধীন অৱস্থাতে হায়দৰাবাদৰ এআই জি হস্পিটেলত মৃত্যুবৰণ কৰে।কিছু দিন ধৰি ফুকন যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল।
ডিব্ৰুগড়ৰ সেউজপুৰৰ বাসিন্দা আছিল যদিও গান্ধী নগৰত ঘৰ সাজি নিগাজিকৈ বসবাস কৰা বিপুল ফুকন ডিব্ৰুগড় পৌৰ নিগমৰ চেনিটেৰি বিভাগৰ মুৰব্বী হিছাপে কাৰ্যনিৰ্বাহ কৰি, টেস্ক দাৰোগা হিচাপে ২০২৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।ডিব্ৰুগড়ৰ প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওত:পোত ভাবে জৰিত হোৱাৰ লগতে নতুন প্ৰজন্মৰ মাজত এগৰাকী সংগীতৰ শিক্ষক হিচাপেও বিশেষভাৱে পৰিচিত আছিল।অভিস্পা কয়েৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক বিপুল ফুকনে মৃত্যু সময়ত অধিবক্তা পত্নী প্ৰনামী ফুকন আৰু দুগৰাকী কন্যাকে ধৰি বহু আত্মীয় স্বৰজনক এৰি থৈ যায়।তেখেতৰ অকাল মৃত্যুত ডিব্ৰুগড়ৰ প্ৰতিগৰাকী শিল্পী তথা সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *