বিজনীত তিনিটা দূৰণিবটীয়া ৰেলৰ ষ্টপেজ
আনন্দত উৎফুল্ল বিজনীবাসী
চাইন অন ডেস্ক:
চিৰাং জিলাৰ বিজনী ৰেল ষ্টেচনত তিনিটাকৈ দূৰণিবটীয়া ৰেলৰ ষ্টপেজ অনুমোদন হোৱাত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ বিজনী অঞ্চলত।

এই উপলক্ষে ৰেলৱে অধিকাৰ মঞ্চই অসমৰ মুখ্যমন্ত্ৰী আৰু ৰেল মন্ত্ৰালয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে প্ৰায় ৫০ বছৰ ধৰি বিজনীত দূৰণিবটীয়া ৰেল ষ্টপেজৰ দাবীত আবেদন-নিবেদন কৰাৰ লগতে বিভিন্ন আন্দোলন চলাই আহিছিল অঞ্চলবাসীয়ে। অৱশেষত সেই দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাত আনন্দ প্ৰকাশ কৰিছে বিজনীবাসীয়ে।
বিজনী ৰেল ষ্টেচনত এতিয়া নিয়মীয়াকৈ তাম্বাৰাম এক্সপ্ৰেছ, নৰ্থইষ্ট এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছ ৰে’লৰ ষ্টপেজ থাকিব। ইয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত বিজনী আৰু আশে-পাশে থকা অঞ্চলৰ ৰাইজে বিশেষ সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।
