বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা!
সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ স্কুটি আৰোহীক
চাইন অন ডেস্ক:
চিৰাং জিলাৰ বিজনীৰ দহলাপাৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে এখন অজ্ঞাত বাছে এখন স্কুটিক পিছ ফালৰ পৰা খুন্দা মাৰাত এখন ট্ৰাকৰ সন্মুখত আহি পৰে।ফলত স্কুটি আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
জানিব পৰা অনুসৰি স্কুটি আৰোহীক সংকট জনক অবস্থাত বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ কোনো সুংসুত্ৰ পোৱা নাই।দুৰ্ঘটনাত পতিত হোৱা স্কুটিৰ নম্বৰ AS- 26 A-8848 আৰু ট্ৰাকৰ নম্বৰ AS-11 AC-6693।
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।