...

বিহু কেৱল উৎসৱ নহয়, ই আমাৰ জাতিৰ স্বাভিমান- অস্তিত্বৰ পৰিচয়ঃ ড° শশীকান্ত শইকীয়া

Spread the love

বিহু কেৱল উৎসৱ নহয়, ই আমাৰ জাতিৰ স্বাভিমান- অস্তিত্বৰ পৰিচয়ঃ ড° শশীকান্ত শইকীয়া

 

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা, নৃত্যাংগণ কলা কেন্দ্ৰ আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত বিহু আখৰাৰ সামৰণি

 

চাইন অন ডেস্ক:

অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহু কেৱল এটা নৃত্য বা গীতৰ অনুষ্ঠান নহয়, বৰঞ্চ ই আমাৰ জাতীয় পৰিচয় আৰু স্বাভিমানৰ প্ৰতিফলন। ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আজি ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা, নৃত্যাংগণ কলা কেন্দ্ৰ আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা আঠদিনীয়া বিহু আখৰাৰ সামৰণি অনুষ্ঠান উদ্বোধন কৰি এইদৰে কয়। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে বিহুৰ সাংস্কৃতিক আৰু জাতীয় গুৰুত্বৰ ওপৰত আলোকপাত কৰি দিয়া উদ্বোধনী ভাষণত কয় যে বিহু আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ যিয়ে যুগ যুগ ধৰি অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ সময়ত বিহুৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ ঐতিহাসিক পটভূমি সম্পৰ্কে নতুন প্ৰজন্মই গভীৰভাৱে জনাটো অত্যন্ত প্ৰয়োজনীয়। বিহুৰ সৈতে জড়িত প্ৰতিটো মুদ্ৰা, প্ৰতিটো শব্দ আৰু ইয়াৰ অন্তৰ্নিহিত ভাৱে আমাৰ সমাজখনক অশুভ শক্তিৰ পৰা মুক্ত কৰি এক সুস্থ পৰিৱেশ গঢ়াত সহায় কৰে বুলিও তেওঁ মন্তব্য কৰে। বিশেষকৈ বিহুৰ যি স্বতন্ত্ৰীয় চৰিত্ৰ, তাক বিকৃত নোহোৱাকৈ ধৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। অধ্যক্ষগৰাকীয়ে আয়োজকসকলৰ শলাগ লৈ কয় যে এনেধৰণৰ কৰ্মশালা বা আখৰাই নতুন প্ৰজন্মক কেৱল বিহু নাচিবলৈকে নিশিকায়, বৰঞ্চ বিহুৰ জৰিয়তে আত্মপ্ৰকাশৰ এক শক্তিশালী মাধ্যম প্ৰদান কৰে। উদ্যোক্তাসকলে যি নিষ্ঠাৰে এই বিহু আখৰা পৰিচালনা কৰিলে, তাৰ দ্বাৰা অঞ্চলটোৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যি সময়ত আমাৰ সংস্কৃতিৰ ওপৰত বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বান আহিছে, তেনে সময়ত বিহুৰ দৰে শক্তিশালী মাধ্যমেৰেহে আমি জাতিগত পৰিচয় অধিক সুদৃঢ় কৰিব পাৰিম। ড° শইকীয়াই নিজৰ ভাষণ সামৰি কয় যে বিহুৱে আমাক দি যোৱা এই উদ্যমেৰে আমি সমাজৰ কুসংস্কাৰ দূৰ কৰি এক শক্তিশালী অসমীয়া জাতি হিচাপে আগুৱাই যাব লাগিব। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানৰ প্ৰাৰম্ভতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁয়ে আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে অসম গৌৰৱ ৰাম চাঁচনীয়ে। এই সন্দৰ্ভত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই কয় যে অসমীয়াৰ ৰঙালী বিহুক কেৱল এক উৎসৱ হিচাপেই নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ মাজত ইয়াৰ ঐতিহ্য, আধ্যাত্মিকতা আৰু অৰ্থনৈতিক দিশসমূহ পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে ডিব্ৰুগড়ত ধাৰাবাহিকভাৱে বিহু আখৰা অনুষ্ঠিত কৰি অহা হৈছে। তেওঁ কয় যে বিহুৱে আমাক সমন্বয়ৰ শিক্ষা দিয়ে আৰু এই সমন্বয়ৰ বাৰ্তাটোকে আমি নতুন প্ৰজন্মৰ জৰিয়তে সমাজৰ মাজলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছোঁ। বিহু কেৱল নৃত্য-গীততে সীমাবদ্ধ নহয়, ই আমাৰ স্বাৱলম্বিতাৰো প্ৰতীক। আমাৰ পিঠা-পনাৰ পৰা আৰম্ভ কৰি ঢোল-গগনালৈকে প্ৰতিটো বস্তুৱেই আমাৰ গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত বুলি তেওঁ উল্লেখ কৰে। মনজিৎ বৰাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যি দৰে খৰতকীয়া হ’ব লাগিছিল, সেইদৰে নহ’ল। ছিংগাপুৰৰ তদন্তৰ দোহাই দি হত্যাকাৰীক যিধৰণে ক্লীনশ্বিট দিয়া হ’ল, সেই কথাই বহুতো সন্দেহৰ সৃষ্টি কৰিছে। প্ৰকৃত তদন্তৰ পৰা ফালৰি কাটি আৰক্ষীৰ তদন্ত আগবাঢ়িছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ ভৱিষ্যতে এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্‌ঘাটন হোৱা আৰু দোষীয়ে কঠোৰ শাস্তি পোৱাটো কামনা কৰে। চলিত বৰ্ষৰ বিহু উদযাপনৰ সন্দৰ্ভত বৰাই কয় যে শিল্পী জুবিন গাৰ্গক হেৰুৱাই জাতিটোৱে আজি গভীৰ শোকত ডুবি আছে। সেয়েহে হয়তো এইবাৰৰ বিহু আগৰ দৰে ৰং-ৰহইচৰ মাজেৰে উদ্‌যাপন কৰিব পৰা নাযাব, কিন্তু বিহুৰ যিখিনি নীতি-নিয়ম, আধ্যাত্মিক চিন্তা আৰু পৰম্পৰা আছে, সেই সকলোখিনি বজাই ৰাখি আমি ৰঙালী বিহু উদ্‌যাপন কৰিম। নতুন প্ৰজন্মই যদি বিহুৰ প্ৰকৃত ইতিবৃত্ত শিকি লয়, তেন্তে আমাৰ জাতীয় অস্তিত্ব সুৰক্ষিত হৈ থাকিব বুলি তেওঁ মত পোষণ কৰে। অনুষ্ঠানত উপস্থিত থাকি আজিৰ ব্যস্ততাৰ মাজতো নতুন প্ৰজন্মই নিজৰ পৰম্পৰাক আঁকোৱালি লোৱাটো অত্যন্ত প্ৰশংসনীয় বুলি মন্তব্য কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে। তেওঁ ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত উঠি অহা চামৰ মাজত থকা বিহুৰ উৎসাহক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ কয় যে ব’হাগৰ আগমনৰ লগে লগে ডেকা-গাভৰুৰ মন উথপথপ্‌ লাগে আৰু সকলোৰে মন বিহু নাচিবলৈ ব্যাকুল হৈ উঠে। কিন্তু বৰ্তমান সময়ত আধুনিক শিক্ষা আৰু পৰীক্ষাৰ হেঁচাত ছাত্ৰ-ছাত্ৰীসকলে সংস্কৃতিৰ চৰ্চা কৰিবলৈ বিশেষ সময় নাপায়। পঢ়া-শুনাৰ ব্যস্ততাৰ মাজতো যিখিনি সময় পোৱা যায়, সেই সময়কণত তেওঁলোকক নিজৰ জাতি, কৃষ্টি আৰু সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিয়াটো অত্যন্ত জৰুৰী। তেওঁ আক্ষেপেৰে কয় যে আজিৰ পৰিৱেশত কিছুমান দিশত পুৰণি ঐতিহ্যৰ অভাৱ দেখা গৈছে। বিহুৰ অনুষ্ঠানত অসমীয়া জাতীয় সাজ-পাৰ পৰিধান কৰি আহিলে মনটো অধিক প্ৰফুল্লিত হয় আৰু ই বিহুৰ আচল মাদকতা বিলাই দিয়ে।
“চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহায়ে। সকলোৱে সমস্বৰে জুবিন গাৰ্গক স্মৰণ কৰি তেওঁৰ “মায়াবিনী” শীৰ্ষক গীত পৰিৱেশনৰে শুভাৰম্ভ কৰে সাংস্কৃতিক অনুষ্ঠান। য’ত সৃষ্টি মূলক নৃত্য, টাই আহোম জনগোষ্ঠীয় নৃত্য, জুবিন গাৰ্গৰ “ধূলিকণা” শীৰ্ষক গীতত নৃত্য, বিহু কুঁৱৰী দলীয় নৃত্য, বিহু নাচ পৰিৱেশন কৰাৰ বিপৰীতে তৃষা দৰ্শী গগৈ, এনাক্ষী দাসে গীত পৰিৱেশন কৰে। ইফালে জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশন কৰে যুৱশিল্পী প্ৰিয়াংশু ফুকনে। বিশিষ্ট ব্যক্তিসকলে বিহু আখৰাৰ ৮০ গৰাকী ন-শিকাৰুক মান-পত্ৰ প্ৰদান কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট বিহু বিশেষজ্ঞ তথা বিহু বিচাৰক ডা° চিত্ৰ জ্যোতি চেতিয়া উপস্থিত থাকি কৰ্মশালাত অংশগ্ৰহণ কাৰি সকলক বিহু প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰা ক্ষেত্ৰত কি কি বিষয়ত গুৰুত্ব দিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ মূলক বক্তব্য প্ৰদান কৰে। সামৰণি অনুষ্ঠানত বিশিষ্ট লোক বাদ্য সাধক তথা বৰ বিহুৱা জিতেন দাস,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা পৰমেশ্বৰ নলবৰীয়া,অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ জনসম্পৰ্ক ৰক্ষী বিষয়া জয়ন্ত বৰুৱা, লভিতা দাস,ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ, নৃত্যাংগণ কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুবী গগৈ সন্দিকৈ, মূৰ্চনা সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট অনাতাঁৰ শিল্পী ভূৱন গগৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, পত্ৰিকা সম্পাদক যুৱ লেখক সন্মান প্ৰাপক অৰ্পণা ফুকন দাস, বিশিষ্ট বিহু বিচাৰক লেখিকা ভাৰতী বৰুৱা দুৱৰা, বিতুমণি ফুকন ,যানি সোনোৱাল,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, বিহু আখৰাৰ সমল ব্যক্তি ভাৱনা গগৈ, আবৃতা লিজা পাঠক, বিহুৱা বিতোপন দাস,খন সোনোৱাল,ৰক্তিম বৰগোহাঁই, ডিব্ৰুগড় সাহিত্য সভাৰ অনুপম মহন্ত,অমৃত বৰুৱা,দয়াপ্ৰিতী গগৈ,ধনটি শইকীয়া, ইফটাৰ হুচেইন, মূৰ্চনা সংগীত বিদ্যালয়ৰ ৰশ্মি গগৈ, লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি, উদ্যোক্তা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, সদস্য তথা দুই শতাধিক অভিভাৱক-অভিভাৱিকা আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *