আজি তিনিচুকীয়াৰ পৰা আৰম্ভ হ’ব ‘বিস্তীৰ্ণ পাৰৰে’
শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় জাহাজ যাত্রা
চাইন অন ডেস্ক:
উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ৰ ধ্বজাবাহক, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ‘বিস্তীর্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্রা’ শীর্ষক অভিনৱ জাহাজ যাত্ৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভূপেনদাৰ স্মৃতিত শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তীর্ণ পাৰৰ জাতি-জনগোষ্ঠীক সামৰি অনুষ্ঠিত হ’বলগীয়া লুইতৰ বুকুৱেদি এই জাহাজ যাত্ৰাক কেন্দ্ৰ কৰি প্ৰতিফলিত হ’ব বর্ণাঢ্য কলা-সংস্কৃতি। বিভিন্ন অনুষ্ঠানেৰে মুখৰ হ’ব এই অনুষ্ঠানসমূহ। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ অধীনস্থ ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে এই বিশেষ সাংস্কৃতিক অভিযান ৰূপায়ণ হ’ব।
এই যাত্রা ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম দিৱসত তিনিচুকীয়াৰ গুঁইজান ঘাটৰ পৰা আৰম্ভ হ’ব। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত এই অনন্য সাংস্কৃতিক অভিযান ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি চলিব, যিয়ে ভূপেন হাজৰিকাৰ সংগীতৰ ছন্দত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক ঐক্যৰ এক অনন্য বার্তা প্ৰেৰণ কৰিব। ‘বিস্তীর্ণ পাৰৰে’ শীর্ষক এই জাহাজ যাত্রা কাইলৈ পুৱা গুঁইজানৰ পৰা ফ্লেগ অফৰ জৰিয়তে আৰম্ভ কৰা হ’ব। ইয়াৰ মূল শুভ উদ্বোধনী অনুষ্ঠান ডিব্ৰুগড়ৰ বগীবিলত অনুষ্ঠিত হ’ব।
ইয়াত ভূপেন হাজৰিকাৰ দৰে এগৰাকী বিশ্ববিশ্রুত শিল্পীৰ সৃষ্টিৰাজিক সন্মান জনাবলৈ আৰু নতুন প্রজন্মক অনুপ্রাণিত কৰিবলৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত আছে চিত্রাংকণ প্রতিযোগিতা, ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মভিত্তিক কুইজ প্রতিযোগিতা, লগতে মৰাণ, মটক, চাহ জনগোষ্ঠী, সোনোৱাল কছাৰী, দেউৰী, গোর্খা আদি সমাজৰ দলীয় নৃত্য প্রদর্শন। এই অনুষ্ঠানবোৰে অসমীয়া জাতিৰ বাৰেৰহণীয়া সাংস্কৃতিক ৰূপক একেলগে প্রতিফলিত কৰিব, যাক ভূপেন হাজৰিকাই সংগীতৰ লহৰেৰে উজ্জীৱিত কৰি থৈ গৈছে।
অনুষ্ঠানৰ অংশ হিচাপে সংগীত জগতৰ কেইবাজনো খ্যাতিমান শিল্পীয়ে ভিডিঅ’যোগে শুভেচ্ছা প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে বেহেলাবাদক সুনীতা ভূঞা খাউণ্ড, সংগীত নির্দেশক ধ্ৰুৱজ্যোতি ফুকন, অমৃত প্রীতম, লোহিত গগৈ, চৈয়দ ছাদুল্লা আদি। লগতে খ্যাতিমান শিল্পী ৰমেন চৌধুৰী, সমৰ হাজৰিকা, অনুপ জালোটা, মনীষা হাজৰিকা, ময়ূখ হাজৰিকা, মৈত্রেয়ী পাতৰ, ৰূপম ভূঞা আদিৰ শুভেচ্ছা বাৰ্তাৰ ভিডিঅ’। তেওঁলোকৰ বাৰ্তাই ভূপেন হাজৰিকাৰ অনুপম জীৱন পৰিক্ৰমা আৰু বিস্তৃত কৰ্মৰাজিক সম্মান জনাইছে, যিয়ে সংগীতৰ জৰিয়তে সীমান্ত অতিক্রম কৰি বিশ্ব ভাতৃত্ববোধৰ বাৰ্তাবে মানুহক একত্ৰিত কৰিছিল।
শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ অসমৰ সঞ্জীৱনী শক্তি, যিয়ে জাতি, ভাষা আৰু সংস্কৃতিৰ বৈচিত্র্যক একত্ৰিত কৰি ৰাখিছে। ভূপেন হাজৰিকাৰ সংগীত সাধনাত নদী কেৱল ভৌগোলিক স্থান হৈ নৰ’ল, ই হৈ পৰিল মানৱতা, সভ্যতা আৰু বিশ্ব ভাতৃত্ববোধৰ প্ৰতীক। ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ এই নদী যাত্ৰাৰ চিন্তাধাৰাৰ লক্ষ্য কেৱল শ্রদ্ধা জনোৱাই নহয়, লগতে ভূপেন হাজৰিকাৰ পদাংক অনুসৰণ কৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সমাজসমূহক সংযোগ কৰা।
এই নদীকেন্দ্রিক যাত্ৰাৰ সময়ত শতবর্ষ উদ্যাপন চাৰিটা প্ৰধান কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠিত হ’ব।
সেইমর্মে বগীবিল, ডিব্রুগড়- ৮ ছেপ্টেম্বৰত, তেজপুৰ- ১১ ছেপ্টেম্বৰত, পাণ্ডু, গুৱাহাটী- ১৫ ছেপ্টেম্বৰত, অভ্যন্তৰীণ জল পৰিবহণ জেটি, যোগীঘোপা- ১৮ ছেপ্টেম্বৰত (সম্ভাব্য)।
আজি বগীবিলত বিভিন্ন প্রান্তৰ লোকে একত্ৰিত হোৱাৰ আশা কৰা হৈছে। এইক্ষেত্রত সকলো জাতি–জনগোষ্ঠীৰ সক্রিয় অংশগ্রহণ আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক প্রবীণ বৰাই কয় যে এই যাত্রাই ভূপেনদাৰ সংগীতৰ অনন্ত চেতনাক প্রতিফলিত কৰিব। তেওঁ কয়, ভূপেনদাৰ সৃষ্টিসমূহ মানৱতা, ঐক্য আৰু ন্যায়ৰ কণ্ঠ আছিল। তেওঁৰ কৰ্মৰাজিয়ে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জীৱনৰ সুখ-দুখ ধৰি ৰাখিছিল আৰু অসমীয়াৰ সংস্কৃতিক বিশ্ব মঞ্চলৈ লৈ গৈছিল। এই কার্যসূচীবোৰত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ অমৰ সংগীতৰ লাইভ প্রদর্শন, লোকসংগীত আৰু বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপস্থাপন অন্তর্ভুক্ত থাকিব।