ডিব্ৰুগড় সাহিত্য সভাতো সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
চাইন অন ডেস্ক:
সুধাকণ্ঠ তথা ভাৰতৰত্ন ড° ভূপনে হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ গৰাকীক সোঁৱৰি আয়োজিত হৈছে বিভিন্ন অনুষ্ঠানৰ।ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাত বিশ্ববৰেণ্য শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।এই উপলক্ষে ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ উপ-
সভাপতি যাদৱ গগৈয়ে। মাল্যাৰ্পণ কৰে অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে।অসম আৰু অসমীয়া জাতীয় জীৱনৰ মূধচ ড° ভূপেন হাজৰিকাই শংকৰ মাধব গোপাল অনিৰুদ্ধদেৱৰ পৰৱৰ্তী জ্যোতি বিষ্ণুৰ উতৰসুৰি হিচাপে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা লগতে এক নতুন ধাৰা সৃষ্টি কৰি এক নৱজাগৰণৰ সূচনা কৰি গল।
এনে এজন মহান পুৰুষ অসমত জন্ম হোৱাতো সমগ্ৰ অসমীয়া জাতিতোৰ বাবে গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে উজলি আছে আৰু থাকিব বুলি কয়। অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে সূধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰাৰ লগতে উপস্থিত সকলোৱে সমস্বৰে মানুহে মানুহৰ বাবে পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া সূৰ্য কুমাৰ বৰগোহাঁইকে প্ৰমুখ্যে কৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেষত শলাগৰ শৰাই সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই। আনহাতে সন্ধিয়ালৈ সুধাকণ্ঠৰ মৃত্যু তিথি উপলক্ষে বন্তি প্ৰজ্বলন কৰে।