...

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ মূল সমিতিৰ বৈঠকৰ অধ্যক্ষ মুখ্যমন্ত্ৰী

Spread the love

 

 

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ মূল সমিতিৰ বৈঠকৰ অধ্যক্ষ মুখ্যমন্ত্ৰী

 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৩ ছেপ্টেম্বৰত সুধাকণ্ঠৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ

 

 

দিছপুৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত সুধাকণ্ঠৰ সম্বৰ্ধনা জনোৱাৰ মূল শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে ভাৰত চৰকাৰেও ৫০ লাখ টকা জাৰি কৰিব। সুধাকণ্ঠৰ স্মৃতিত ১০০ টা ৰূপৰ স্মৃতি মুদ্ৰা।

সভাত ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া উদযাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়, য’ত সমগ্ৰ অসম, অৰুণাচল প্ৰদেশ, কলকাতা, নতুন দিল্লী, আৰু মুম্বাইত সাংস্কৃতিক অনুষ্ঠান, প্ৰকাশন, আৰু প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

ড০ হাজৰিকাৰ কালজয়ী ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰৰ বাবে যুৱ আৰু সাংস্কৃতিক সংগঠনসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ড০ ভূপেন হাজৰিকাৰ স্মৃতিত এখন সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, মন্ত্ৰী, উচ্চপদস্থ বিষয়া, সাংস্কৃতিক প্ৰতিনিধি, আৰু সমিতিৰ সদস্যসকল উপস্থিত থাকে। ড° হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাইও ভাৰ্চুৱেলি সভাত যোগদান কৰে আৰু শতবাৰ্ষিকী অনুষ্ঠানত ৰাজ্যিক অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *