...

মাৰ্ঘেৰিটাত বিশাল শুভযাত্ৰাৰে ভাস্কৰ শৰ্মাৰ মনোনয়নপত্ৰ দাখিল

Spread the love

মাৰ্ঘেৰিটাত বিশাল শুভযাত্ৰাৰে ভাস্কৰ শৰ্মাৰ মনোনয়নপত্ৰ দাখিল

উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাৰ্ঘেৰিটা:

অসম বিধানসভাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই হাজাৰ হাজাৰ সমৰ্থকৰ বিশাল শুভযাত্ৰাৰে আজি তিনিচুকীয়া আয়ুক্তৰ কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। আজি পুৱাই মাৰ্ঘেৰিটা নগৰৰ ইক’ পাৰ্কৰ সন্মুখত সমবেত হয় দলীয় কৰ্মী-সমৰ্থকৰ বিশাল জনসমুদ্ৰ। পাৰ্কৰ সন্মুখত থকা চাওলুং চ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত ভাস্কৰ শৰ্মাই সেৱা জনাই মাৰ্ঘেৰিটা চেগুনবাৰীলৈ পদযাত্ৰা আৰম্ভ কৰি তিনিচুকীয়া অভিমুখে আগবাঢ়ে সমদলটো। তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত ভাস্কৰ শৰ্মাৰ মনোনয়নপত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালো। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰা ভাস্কৰ শৰ্মা এইবাৰ অধিক আত্মবিশ্বাসী। মনোনয়নপত্ৰ দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ দাবী কৰে যে বিগত কাৰ্যকালৰ উন্নয়নমূলক কামৰ স্বীকৃতিস্বৰূপে এইবাৰো ৰাইজে তেওঁক বিপুল ভোটত জয়ী কৰাব। সমষ্টিটোত বিজেপিৰ ব্যাপক জনসমৰ্থনৰ এই প্ৰদৰ্শনে দলৰ শক্তিশালী অৱস্থানৰ ইংগিত দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *